ETV Bharat / state

বিদেশত ঢোল বজাবলৈ যোৱা নাছিল মঘাই ওজা : সোমনাথ বৰা

author img

By

Published : Apr 11, 2021, 11:19 AM IST

শনিবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা বিহু কৰ্মশালাত বিদেশলৈ যোৱা প্ৰথম গৰাকী ঢুলীয়া সন্দৰ্ভত ঢোলৰ ওজা সোমনাথ বৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

বিদেশলৈ যোৱা প্ৰথম গৰাকী ঢুলীয়া সন্দৰ্ভত সোমনাথ বৰাৰ মন্তব্য...
বিদেশলৈ যোৱা প্ৰথম গৰাকী ঢুলীয়া সন্দৰ্ভত সোমনাথ বৰাৰ মন্তব্য...

কলিয়াবৰ,11 এপ্ৰিল : হাটবৰ হাজাৰ খেলপথাৰত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা বিহু কৰ্মশালাখনিৰ শনিবাৰে সফল সামৰণি পৰে ৷ কৰ্মশালাখনিৰ অন্তিম দিনটোত প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ তদাৰক হিচাপে উপস্থিত থাকে ঢোলৰ ওজা সোমনাথ বৰা ৷ কৰ্মশালাখনিৰ অন্তত বিদেশলৈ যোৱা প্ৰথম গৰাকী ঢুলীয়া সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে ৷ ঢোলৰ ওজা গৰাকীয়ে কয়, বিদেশত ঢোল বাদ‍্য প্ৰদৰ্শন কৰিবলৈ 1959-60 চনত সংগীত সূৰ্য‍ ড০ ভূপেন হাজৰিকাই মঘাই ওজাক নিয়াৰ ব‍্যৱস্থা কৰিছিল যদিও সেই সময়ত সেয়া সম্ভৱ নহ'ল ৷

বিদেশলৈ যোৱা প্ৰথম গৰাকী ঢুলীয়া সন্দৰ্ভত সোমনাথ বৰাৰ মন্তব্য...
বিদেশলৈ যোৱা প্ৰথম গৰাকী ঢুলীয়া সন্দৰ্ভত সোমনাথ বৰাৰ মন্তব্য...

কাকতে-পত্ৰই মঘাই ওজা বিদেশলৈ যোৱা প্ৰথম ঢুলীয়া বুলি প্ৰচাৰ চলিলেও,মঘাই ওজাই বিদেশ ভ্ৰমণ কৰা নাছিল বুলি উল্লেখ কৰে সোমনাথ বৰাই ৷ লগতে ওজা গৰাকীয়ে কয়, 1987 চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা অসমৰ 36 জনীয়া এটা দলে এসময়ৰ ছোভিয়েত ৰাছিয়াৰ ৰাজধানী মস্কোত হোৱা ভাৰত-ছোভিয়েট ৰাছিয়া মিত্ৰতা অধিক সুদৃঢ় কৰিবলৈ এক সাংস্কৃতিক বিনিময় অনুষ্ঠানত বিহু প্ৰদৰ্শন কৰিছিল। সেই সম্পৰ্কে জগন্নাথ মহন্তৰ নেতৃত্বত কলিয়বৰ বিহু দলৰ 16 জনীয়া সদস‍্যৰ লগতে সোমনাথ বৰাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ 20 জনীয়া দলৰ মুঠ 36 গৰাকী সদস‍্য ৰাছিয়ালৈ গৈছিল। সেই সূত্ৰে বিদেশলৈ যোৱা প্ৰথম ঢুলীয়া সোমনাথ বৰা বুলি উল্লেখ কৰে ৷

বিদেশত ঢোল বজাবলৈ যোৱা নাছিল মঘাই ওজা : সোমনাথ বৰা

উল্লেখ্য যে, বিহু প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি চলোৱা ওজা গৰাকীয়ে 2022 চনত এই অভিলেখ সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰিছে ৷ বিশ হাজাৰ সদস‍্যৰে বিহু প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰাৰ প্ৰস্তুতিত সূচিত হোৱা বিভিন্ন সমস‍্যাৰ বাবে পিছ পৰি ৰোৱা কামটোৰ বাবে অসমবাসী ৰাইজৰ সহযোগ বিচৰাৰ লগতে 2 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাখনত প্ৰায় 500 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: কান্ধত ঢোল লৈ বিহুৰ আখৰাত ব্যস্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবল খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.