ETV Bharat / state

Smuggled cattle seized at Puranigudam: পুৰণিগুদামত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Oct 14, 2022, 10:46 AM IST

Smuggled cattle seized at Puranigudam
Smuggled cattle seized at Puranigudam: পুৰণিগুদামত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

পুৰণিগুদামত আৰক্ষীয়ে নথিপত্ৰবিহীন এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে (Smuggled cattle seized in Nagaon)৷ ঘটনা অনুসৰি সৰ্বভাৰতীয় গো সুৰক্ষা সমিতিৰ (All India Cow Protection Society) সদস্যৰ এটা দলে পুৰণিগুদাম ন আলিমূৰত প্ৰথমে গৰুভৰ্তি বাহনখন দেখি সন্দেহৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে (Smuggled cattle seized at Puranigudam)৷

নগাঁও, 14 অক্টোবৰ: ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈছে গৰুৰ চোৰাং বেহা (Smuggled cattle in Assam)৷ আৰক্ষীয়ে চোৰাং অপৰাধৰ বিৰুদ্ধে যিমানেই সষ্টম ভূমিকা পালন কৰিছে সিমানেই একাংশ অপৰাধীয়ে কূট কৌশলেৰে অপৰাধ সংঘটিত কৰি আহিছে (Police against crime in Assam) ৷

চলিত মাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতি নিৰ্মমভাৱে গৰুসমূহক হাতে ভৰিয়ে বান্ধি অধামৰাকৈ লৈ যোৱাৰ ঘটনাও পোহৰলৈ আহিছিল ৷ গৰুৰ সুৰক্ষাৰ লগতে এনেদৰে গৰু চোৰাং বেহা বন্ধ কৰিবলৈ গো সুৰক্ষা সমিতিসমূহে সক্ৰিয় ভূমিকা পালন কৰি এনেদৰে লৈ যোৱা গৰু ভৰ্তি বাহনসমূহ জব্দ কৰাটো সহায় আগবঢ়াই আহিছে ৷

Smuggled cattle seized at Puranigudam: পুৰণিগুদামত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

বৃহস্পতিবাৰে পুনৰ নগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণিগুদামত আৰক্ষীয়ে নথিপত্ৰবিহীন এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে (Smuggled cattle seized in Nagaon)৷ ঘটনা অনুসৰি সৰ্বভাৰতীয় গো সুৰক্ষা সমিতিৰ (All India Cow Protection Society) সদস্যৰ এটা দলে পুৰণিগুদাম ন আলিমূৰত প্ৰথমে গৰুভৰ্তি বাহনখন দেখি সন্দেহৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে (Smuggled cattle seized at Puranigudam)৷ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ AS-02CC-5289 নম্বৰৰ বাহনখনৰ পৰা 6 টাকৈ গৰুক উদ্ধাৰ কৰে (Puranigudam police rescued smuggled cows)৷

লগতে আৰক্ষীয়ে গাড়ীচালক ৰফিক উদ্দিন আমহেদকো আটক কৰে (Police detained driver) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি গৰুকেইটা চামগুৰিৰ পৰা ৰাঙলুলৈ লৈ যোৱা হৈছিল ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে চালকটোক সোধ-পোছ অব্যাহত ৰাখিছে ৷ আটকাধীন চালকটো উৰিয়াগাঁৱৰ বুলি জানিব পৰা গৈছে ৷

ইফালে আৰক্ষীয়ে বাহনখনৰ নথি পত্ৰসমূহ পৰীক্ষা কৰোঁতে কোনো ধৰণৰ কেটল পাৰমিটৰ অনুমতি নেদেখি বাহনখন জব্দ কৰে ৷ উল্লেখ্য যে নগাঁৱৰ ভিন্ন প্ৰান্তত এনেদৰে প্ৰতিদিনে হৈ থকা গৰু সৰবৰাহৰ ঘটনাই জিলাখনৰ সচেতন মহলক চিন্তিত কৰিছে (Cattle Smuggling in Assam) ৷ এইখিনিতে প্ৰশ্ন হয়, আৰক্ষীয়ে সঁচাকৈয়ে ৰোধিব পাৰিবনে গৰুৰ এই চোৰাং বেহা ?

লগতে পঢ়ক:নগাঁৱত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.