ETV Bharat / state

আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠিত শিলঘাটৰ অশোকাষ্টমী মেলা

author img

By

Published : Apr 20, 2021, 9:46 PM IST

বৰ্ধিত ক'ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিলঘাটৰ অশোকাষ্টমী মেলাৰ সামৰণি । শিলঘাট অশোকাষ্টমী মেলা কমিটিৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰি শতবৰ্ষ অনুষ্ঠানৰ পৰম্পৰা ৰক্ষা কৰে ।

শিলঘাটৰ অশোকাষ্টমী মেলাৰ সামৰণি
শিলঘাটৰ অশোকাষ্টমী মেলাৰ সামৰণি

কলিয়াবৰ, ২০ এপ্ৰিল: আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰিয়েই সামৰণি মৰা হ'ল শিলঘাটৰ অশোকাষ্টমী মেলা । এইবাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে অশোকাষ্টমী মেলাৰ । ৰাজ্যত কৰ'ণা সংক্ৰমণ বৃদ্ধি হৈ থকা বাবে এইদৰে মেলাৰ সামৰণি মৰা হয় । মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ।

মঙলবাৰে শিলঘাট অশোকাষ্টমী মেলা কমিটিৰ সভাপতি মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰে । ১০০ খনকৈ পতাকা উত্তোলন কৰি কলিয়াবৰৰ শিলঘাট অশোকাষ্টমী মেলা কমিটিয়ে এইবাৰ পালন কৰিলে শতবৰ্ষ অনুষ্ঠান । ক'ভিড-১৯ ৰ স্বাস্থ্য বিধি মানি কমিটিৰ প্ৰতিগৰাকী সদস্যই মাস্ক পৰিধান কৰি উত্তোলন কৰিলে পতাকা ।

শিলঘাটৰ অশোকাষ্টমী মেলাৰ সামৰণি

কেৱল অষ্টমী তিথি অনুষ্টুপীয়াকৈ পালন কৰা হয় । আনহাতে, অষ্টমী বাবে স্নান কৰিবলৈ আহি শিলঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত ভীৰ কৰে সহস্ৰাধিক লোকে । সামাজিক দূৰত্ব মানি চলাতো দূৰৰে কথা এই লোকসকলৰ অধিকাংশই মাস্ক পৰিধান কৰা দেখা নগ’ল ৷

লগতে পঢ়ক: হোজাইত শোৱাপাটীত উদ্ধাৰ মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.