ETV Bharat / state

Scooty distribuition in Kaliabor: কলিয়াবৰত স্কুটী বিতৰণ কৰিলে মন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : Dec 18, 2022, 11:42 AM IST

Breaking News

"স্কুটি পাইছোনে নে আন কিবা পাইছোঁ, সেইটো ডাঙৰ কথা নহয়। ড৹ বাণীকান্ত কাকতিৰ ব‍্যক্তিত্বৰ প্ৰেৰণাৰে নিজকে আগবঢ়াই নিয়াতোহে প্ৰকৃত কথা।" – কলিয়াবৰত বাণীকান্ত কাকতি মেধা বঁটা ২০২২ প্ৰদান কৰি এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ(Dr Banikanta Kakati Merit Award) ৷ তেওঁ লগতে ৰাজ‍্য চৰকাৰে অসমৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰে(Scooty distribuition in Kaliabor) ৷

কলিয়াবৰত স্কুটী বিতৰণ কৰিলে মন্ত্ৰী কেশৱ মহন্তই

কলিয়াবৰ, ১৮ ডিচেম্বৰ : প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত শনিবাৰে কলিয়াবৰত অনুষ্ঠিত হয় স্কুটি প্ৰদান অনুষ্ঠান (Scooty distribuition in Kaliabor)। ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কলিয়াবৰৰ মেধাৱী ছাত্ৰীসকলক ড৹ বাণীকান্ত কাকতি মেধা বঁটা ২০২২ৰ অধীনত স্কুটি বিতৰণ কৰা হয় ।

কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকললৈ স্কুটি প্ৰদান কৰে ৰাজ‍্যৰ স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta) । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰা ছাত্ৰক আনুষ্ঠানিকভাৱে এই স্কুটি প্ৰদান কৰা হয় (Pragyan Bharati Scooty Scheme)।

মেধা ছাত্ৰ-ছাত্ৰীসকলে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰা এই বঁটাৰ জৰিয়তে লাভ কৰা প্ৰেৰণাই ভৱিষ‍্যত শিক্ষা জীৱনত যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা ব্যক্ত কৰে স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তই । বৰ্তমান চৰকাৰখনে শিক্ষাৰ উন্নয়নত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত ইয়ো এক উল্লেখনীয় পদক্ষেপ বুলি কয় মন্ত্ৰীগৰাকীয়ে (Dr Banikanta Kakoti Telant Award Ceremony at Kaliabor)।

'স্কুটি পাইছোনে নে আন কিবা পাইছোঁ, সেইটো ডাঙৰ কথা নহয় । ডাঙৰ কথা ড৹ বাণীকান্ত কাকতিৰ ব‍্যক্তিত্বৰ প্ৰেৰণাৰে নিজকে আগবঢ়াই লৈ যোৱাটোহে । গতিকে, ছাত্ৰ-ছাত্ৰীয়ে বিষয়টোত প্ৰয়োজনীয় গুৰুত্ব দিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । শিক্ষাখণ্ডত হ'বলগীয়া ব‍্যাপক পৰিৱৰ্তনৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (Dr Banikanta Kakati Merit Award)।

Scooty distribution in Kaliabor
কলিয়াবৰত স্কুটী বিতৰণ কৰিলে মন্ত্ৰী কেশৱ মহন্তই

শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৰাজ‍্য চৰকাৰে ইতিমধ‍্যে গুণাগঁথা আৰম্ভ কৰিছে । এই ক্ষেত্ৰত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৰাজ‍্য চৰকাৰৰ পৰা এক সন্তোষজনক অনুদান লাভ কৰিব বুলিও অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।কলিয়াবৰৰ ৯২ গৰাকী ছাত্ৰীয়ে স্কুটি লাভ কৰে (Minister Keshab Mahanta in Kaliabor)৷

উল্লেখযোগ‍্য যে, নগাঁও জিলাৰ ১৯০৯ গৰাকী ছাত্ৰীয়ে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে । স্কুটি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডাঃ কৰুণা হাজৰিকা, নগাঁও আৰু হোজাই জিলাৰ বিদ‍্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ড৹ ভূপালী কাশ‍্যপ, কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেন বৰাৰ লগতে শিক্ষাৰ্থী, অভিভাৱকসকল ৷

লগতে পঢ়ক: Road accident at Basistha: নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট তলত বাগৰি পৰিল বাহন, এজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.