ETV Bharat / state

বিধায়ক আমিনুল ইছলামে ধিঙত স্থাপন কৰিলে কেইবাটাও পথৰ আধাৰশিলা

author img

By

Published : Feb 16, 2021, 7:10 PM IST

ধিঙত কেইবাটাও পথৰ আধাৰশিলা স্থাপন ৷ ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামে স্থাপন কৰিলে এই আধাৰশিলা ৷

road-foundation-stone-in-nagaon-dhing
ধিঙত কেইবাটাও পথৰ আধাৰশিলা স্থাপন

ধিং, 16 ফেব্ৰুৱাৰী : নিৰ্বাচন সমাগত ৷ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম ৰাজ্যৰ ৰাজনীতি ৷ ইতিমধ্যে, ভোটাৰক আকৰ্ষিত কৰিবলৈ শাসকীয় দলে আৰম্ভ কৰিছে সমষ্টিয়ে-সমষ্টিয়ে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ আধাৰশিলা ৷ এইক্ষেত্ৰত পিচপৰি ৰোৱা নাই বিৰোধী দলসমূহেও ৷

মঙলবাৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে সমষ্টিটোত তিনিটা পথৰ আধাৰশিলা স্থাপন কৰে ৷ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰে পথৰ ৷

বিধায়ক আমিনুল ইছলামৰ মন্তব্য

ধিং-বৰভেটি-শালকাটি পথ, বৰভেটি পথ, মৈৰাবাৰী-বেছামাৰী পথ, মৈৰাবাৰী-দলৈগাঁও পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে ধিং সমষ্টিত যথেষ্ট উন্নতি হোৱা বুলি দাবী কৰে ৷

আনহাতে, পথৰ আধাৰশিলা স্থাপন কৰা বিষয়ক লৈ সমষ্টিটোত বিভিন্নজনে প্ৰদান কৰিছে প্ৰতিক্ৰিয়া ৷ বিধায়ক পুঁজিৰে পথৰ আধাৰশিলা স্থাপন কৰা বিধায়ক গৰাকীয়ে ইমান দিনে কিয় কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাছিল ৷ কেবল নিৰ্বাচন অহাৰ বাবে পথৰ আধাৰশিলা স্থাপন কৰা বুলি বিধায়ক গৰাকীক তীব্ৰ ভাষাৰে কটাক্ষ কৰে একাংশ লোকে ৷

লগতে পঢ়ক : মাজুলীবাসীয়ে ১০ হাজাৰ গামোচাৰে আদৰণি জনাব মুখ্যমন্ত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.