ETV Bharat / state

বুঢ়াপাহাৰত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ

author img

By

Published : May 9, 2021, 3:51 PM IST

কলিয়াবৰৰ বুঢ়াপাহাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ওপৰত যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু কন্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ট্ৰাকখনৰ চালকক । আনহাতে শিশু, মহিলাসহ ১১ জনকৈ লোককো জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Kaliabor Road Accident
কলিয়াবৰত ট্ৰাক আৰু বাছৰ মুখামুখি সংৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ, ৯ মে': নগাঁও জিলাৰ কলিয়াবৰৰ বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । বুঢ়াপাহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ওপৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । এখন যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু কন্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । ফলত এই দুৰ্ঘটনাটোত শিশু, মহিলাসহ ১১ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয় । আনহাতে, গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ট্ৰাকখনৰ চালক ।

Kaliabor Road Accident
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে দুৰ্ঘটনাস্থলীত আৰক্ষীৰ লোক আহি উপস্থিত হয় । ট্ৰাকখনৰ পৰা চালকজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায় । ইফালে, আহত আন লোকসকলক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

Kaliabor Road Accident
কলিয়াবৰত ট্ৰাক আৰু বাছৰ মুখামুখি সংৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা

লগতে পঢ়ক: ৰাজ্যৰ ষষ্ঠদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.