ETV Bharat / state

ৰাজ্যত সংঘটিত দুটাকৈ পৃথক দুৰ্ঘটনাত আহত দুই

author img

By

Published : Feb 27, 2020, 12:55 AM IST

ৰাজ্যৰ দুই পৃথক স্থানত বুধবাৰে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ নগাঁৱৰ কলিয়াবৰ আৰু তিনিচুকীয়া জিলাৰ মাকুমৰ নাহৰণি চাৰিআলি বাইপাছত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ নগাঁৱত সংঘটিত পথা দুৰ্ঘটনাটোৰ ফলত আহত হয় দুজনকৈ লোক ৷

Road Accident at Kaliabor Nagaon Tinsukia assam etv bharat news
পথ দুৰ্ঘটনা

কলিয়াবৰ,26 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ দুই পৃথক স্থানত বুধবাৰে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ নগাঁৱৰ কলিয়াবৰত বুধবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । কলিয়াবৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় দুজন লোক । নগাঁও অভিমুখে আহি থকা এ এছ ০৬ ৮০২৫ নম্বৰৰ মাৰুতি ভেন আৰু বিপৰীত দিশৰ পৰা অহা এ এছ ০১ ডি আৰ ২৯৩০ নম্বৰৰ বিলাসী হোণ্ডা বাহনে মুখামুখি সংঘৰ্ষত লিপ্ত হয় । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী নিৱেশৰ আৰক্ষী উপস্থিত হয় ৷ আহতসকলক আৰক্ষীয়ে ১০৮ এম্বুলেঞ্চেৰ সহায়ত জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মাৰুতি ভেনখনৰ চালকজনৰ আঘাত গুৰুতৰ যদিয়ো সম্প্ৰতি বিপদমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷ দুৰ্ঘটনাটোৰ মুখ্য কাৰণ নিৰ্মীয়মান চাৰি লেনযুক্ত ঘাইপথ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষ

ইফালে,তিনিচুকীয়া জিলাৰ মাকুমৰ নাহৰণি চাৰিআলি বাইপাছত সংঘটিত হয় অন্য এক পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী স্ক’ৰপিঅ’ বাহনে খুন্দিয়ায় খোৱাং অভিমুখী এখন বলেৰ’ বাহনক ৷ ফলত বলেৰ’ বাহনখন পথৰ পৰা বাগৰি পৰে ৷ দুৰ্ঘটনাৰ ফলত বলেৰ’খনৰ ভিতৰত থকা পাঁচজন যাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ দুৰ্ঘটনাত পতিত বলেৰ’খন কাকপথাৰৰ লিটং হাতীগড়ৰ পৰা ডিব্ৰুগড়ৰ খোৱাঙলৈ আহি আছিল ৷ দুৰ্ঘটনাতো সংঘটিত কৰিয়েই পলায়ন কৰে স্কৰপিঅ’ বাহনখনে ৷ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী ৷

Road Accident at Kaliabor Nagaon Tinsukia assam etv bharat news
মাকুমত পথ দুৰ্ঘটনা

লগতে চাওকঃতিনি বছৰৰ অন্তত মুকলি আকাশৰ তললৈ হাইলাকান্দিৰ সুখদেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.