ETV Bharat / state

Nagaon News: পথ দুৰ্ঘটনাৰ শীৰ্ষত নগাঁও; যান-বাহন আইন মানি চলাৰ আহ্বান আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ

author img

By

Published : May 31, 2023, 10:58 PM IST

নগাঁৱত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে তৎপৰ আৰক্ষী ৷ সকলোকে যান-বাহন আইন মানি চলিবলৈ আহ্বান আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ (Navneet Mahanta SP of Nagaon) ৷

Navneet Mahanta SP of Nagaon
দুৰ্ঘটনা সংঘটিত হোৱা জিলাৰ শীৰ্ষত নগাঁও

নগাঁৱত বৃদ্ধি পথ দুৰ্ঘটনাৰ সংখ্যা

নগাঁও, 31 মে’: দুৰ্ঘটনা সংঘটিত হোৱা জিলাৰ শীৰ্ষত নগাঁও ৷ নগাঁৱত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে তৎপৰ হৈছে আৰক্ষী ৷ সকলোকে যান-বাহন আইন মানি চলিবলৈ আহ্বান আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ ৷ মাত্ৰ কেইদিনমান পূৰ্বে নগাঁও আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ জিলাখনত বৃদ্ধি পোৱা অপৰাধ নিৰ্মূলৰ এক প্ৰত্যাহ্বান সন্মুখত লৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে আৰক্ষী বিষয়া নৱনীত মহন্তই (Nagaon SP Reacts on Raod Accident in Nagaon) ৷

নগাঁৱত আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰিয়েই অপৰাধ নিৰ্মূলৰ লগতে জিলাখনত সংঘটিত হোৱা অত্যাধিক দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰত্যহ্বানো এতিয়া নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ ৷ ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে দিয়া এখন তালিকা অনুসৰি দুৰ্ঘটনা সংঘটিত জিলাৰ শীৰ্ষত আছে আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই নতুনকৈ যোগদান কৰা নগাঁও জিলা ৷ মঙলবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তালিকা প্ৰকাশ কৰাৰ পিচতেই নগাঁও জিলাৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী (Nagaon SP)৷

দুৰ্ঘটনা সংঘটিত হোৱা তালিকাৰ শীৰ্ষত থকা নগাঁও জিলাৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে Action Plan প্ৰস্তুত কৰিছে নগাঁও আৰক্ষীয়ে ৷ দুৰ্ঘটনা সংঘটিত হোৱা কাৰণসমূহ উল্লেখ কৰি সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্ঘটনা ৰোধৰ বাবে নগাঁৱৰ ৰাইজৰ সহযোগিতা বিচাৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই ( Raod Accidents in Nagaon District) ৷

পথ সুৰক্ষাৰ নীতি নিয়ম মানি দ্ৰুত গতিত গাড়ী চলোৱা, সুৰামত্ত হৈ গাড়ী চলোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায় আৰক্ষী অধীক্ষক নৱনীত মহন্তই ৷ তদুপৰি চাৰি চকীয়া বাহন চলাওঁতে চিট বেল্ট লগোৱা আৰু মটৰচাইকেল চলাওঁতে হেলমেট পৰিধান কৰিবলৈ প্ৰথম পৰ্যায়ত সকলোকে আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত পথ সুৰক্ষাৰ স্বাৰ্থত যান-বাহন আইন উলংঘা কৰা যি কোনো ব্যক্তিৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ হ'ব বুলিও উল্লেখ কৰি আইন মতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হোৱা বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত (Navneet Mahanta SP of Nagaon) ৷

লগতে পঢ়ক: SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.