ETV Bharat / state

Rajen Gohain: বিজেপিৰ নেতৃত্বক লৈ প্রকৃততে কি স্থিতি ৰাজেন গোহাঁইৰ ?

author img

By

Published : Aug 19, 2023, 7:46 PM IST

Updated : Aug 19, 2023, 8:29 PM IST

Rajen Gohain
Rajen Gohain

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদা সম্পন্ন খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পদ এৰিলে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই ৷ গৃহসমষ্টি নগাঁও মুখ্যমন্ত্ৰীয়ে আজমলক গতাই দিয়াৰ অভিযোগ ৰাজেন গোহাঁই ৷ সততে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে যদিও এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলি বিষোদগাৰ ৰাজেন গোহাঁইৰ ৷

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় ক্ষোভ ৰাজেন গোহাঁইৰ

নগাঁও, 19 আগষ্ট: বতৰ সলনি হোৱাৰ দৰে নিজৰ স্থিতি সলোৱা এগৰাকী জ্যেষ্ঠ বিজেপি নেতা । নাম তেওঁৰ ৰাজেন গোহাঁই । প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী আছিল ৰাজেন গোহাঁইৰ ।

চাৰিবৰকৈ সাংসদ নিৰ্বাচিত হোৱাৰ পিছতো ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা বিতৰ্কত সাঙোৰ খাই লোকসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈ দলীয় প্ৰাৰ্থীক চিপৰাং মৰাৰ অভিযোগত অভিযুক্ত ৰাজেন গোহাঁই ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰে দলত ।

যাৰ বাবে প্ৰায়েই দলীয় নেতৃত্বৰ বিৰুদ্ধে সৰৱ হয় যদিও কেতিয়াবা প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাজেন গোহাঁই । আকৌ এবাৰ দলীয় নেতৃত্ব তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰুষ্ট একেগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই । দলীয় নেতৃত্ব তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে ৰাজেন গোহাঁইয়ে ।

কেৱল অসন্তুষ্টি ব্যক্ত কৰাই নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে প্ৰদান কৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষৰ পদৰ পৰাও পদত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে । দলৰ মজিয়াত নিজকে গুৰুত্বহীন অনুভৱ কৰি পদত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে ।

কিন্তু এইগৰাকী ৰাজেন গোহাঁয়েই অধ্যক্ষৰ পদ লাভ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত হৈ পৰিছিল পঞ্চমুখ । খাদ্য আৰু যোগান বিভাগৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়েই পুৰণি নেতা কৰ্মীক মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া বুলিও উল্লেখ কৰি সুখী অনুভৱ কৰিছিল ৰাজেন গোহাঁয়ে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক লৈ অসন্তুষ্টি ব্যক্ত কৰি আক্ৰমণাত্মক হৈ পৰা এইগৰাকী ৰাজেন গোহাঁইয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ডাইনামিজম থকা বুলি উল্লেখ কৰি প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল ৷

ইয়াৰ মাজতে পোহৰলৈ আহিছে ৰাজেন গোহাঁইয়ে কৰা ক্ষমতাৰ অপব্যৱহাৰৰ তথ্য। এইগৰাকী ৰাজেন গোহাঁই নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি হোৱাৰ পিছতেই নগাঁও ক্ৰীড়া সন্থাৰ শৰীৰ চর্চা কেন্দ্ৰ বন্ধ কৰি নিজৰ নিৰাপত্তাৰক্ষীৰ থকাৰ ব্যৱস্থা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

এতিয়া ৰাজেন গোহাঁইক লৈ বিভিন্ন মহলত চলিছে বিভিন্ন চর্চা । প্ৰায়েই মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ পিছতো কেইবাবাৰো এইদৰে অসন্তুষ্টি ব্যক্ত কৰি নিজৰ গুৰুত্ব বৃদ্ধিৰ চেষ্টা চলাইছে নেকি ৰাজেন গোহাঁইয়ে ? নিজৰ ব্যক্তিগত স্বাৰ্থ আদায় নহলেও দলৰ নেতৃত্বৰ বিৰুদ্ধে গৰজি উঠে নেকি ৰাজেন গোহাঁই ? এনে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে আকৌ বৰ্ষীয়ান বিজেপি নেতাগৰাকীৰ শেহতীয়া মুকলি বিষেদগাৰৰ পিচত ৷

লগতে পঢ়ক: Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

Last Updated :Aug 19, 2023, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.