ETV Bharat / state

সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ !

author img

By

Published : Aug 15, 2020, 7:43 PM IST

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ৰ বাবে সংৰক্ষণ কৰা চকীত বহিয়েই স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰিলে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে ৷

সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ
সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ

নগাঁও, 15 আগষ্টঃ সাংসদৰ চকী নথকাৰ এবছৰৰো বেছি হ’ল ৷ কিন্তু এতিয়াও যেন মোহ এৰিব পৰা নাই চকীখনৰ ৷ পিচে কোন এই সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা ৰাজনৈতিক নেতা ?

সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ

তেওঁ হৈছে প্ৰাক্তন ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই ৷ নগাওঁ জিলা প্ৰশাসনে নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা ৭৪ সংখ্যক স্বাধীনতা দিৱসলৈ বৰ্তমানৰ বিধায়ক-সাংসদৰ লগতে নিমন্ত্ৰণ কৰিছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইকো ৷ অতিথি সকলৰ বাবে আসন সংৰক্ষণ কৰি ৰাখিছিল প্ৰশাসনে ৷ সেই অনুসৰি কোন খন আসনত কোন বহিব লিখি থৈছিল আয়োজকে ৷ স্পষ্টকৈ "Hon'ble MP" বুলি লিখি নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাবে সংৰক্ষণ কৰা আসনতে বহিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই ৷

উল্লেখ্য যে, 1999 চনৰ পৰা 2019 লৈ নগাঁও সমষ্টিত সাংসদ হৈ আছিল ৰাজেন গোহাঁই ৷ কিন্তু বিগত বৰ্ষৰ নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিবলৈ টিকটেই নাপালে বিজেপিৰ প্ৰক্তন নেতাগৰাকীয়ে ৷ সাংসদ হ'ব নোৱাৰিলেও যেন এতিয়াও এৰিব পৰা নাই সাংসদৰ মোহ ৷ যাৰ বাবেই হয়তো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সাংসদৰ চকীতেই চকু পৰিল ৰাজেন গোহাঁইৰ ৷ সাংসদৰ চকীত বহিয়েই উপভোগ কৰিলে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

লগতে পঢ়কঃ অসাধাৰণ স্মৃতি শক্তিৰে পৰিপূৰ্ণ এগৰাকী বিস্ময় বালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.