ETV Bharat / state

KAAC ELECTION 2022: বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ

author img

By

Published : May 30, 2022, 7:11 PM IST

KAAC ELECTION 2022
বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ

সন্মুখত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন (KAAC Election 2022)৷ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাথী তথা বৰ্তমানৰ পাৰিষদ কাছে ৰংপিপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে ৷ চুচেনধেন্তা সমষ্টিত যোৱা বিশ বছৰে কোনোধৰণৰ উন্নয়ণ নোহোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

কলিয়াবৰ, 30 মে’: কাৰ্বি পাহাৰত পৰিষদীয় নিৰ্বাচনৰ বতাহ (KAAC Election 2022)৷ বছৰ বছৰ ধৰি উন্নয়ণৰ পৰা বঞ্চিত কাৰ্বি পাহাৰৰ ভোটাৰে কি ভাবে ? কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া চুচেনধেন্তা সমষ্টিত(Socheng Dhenta Constituency) যোৱা বিশ বছৰে কি উন্নতি হ'ল ? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানে পাহাৰীয়া জিলাখনৰ নিৰ্বাচনী পৰিৱেশ ৷

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক-ক্ষণত কলিয়াবৰ মহকুমাৰ সীমান্তৱৰ্তী ১৭ নং চুচেনধেন্তা পৰিষদীয় সমষ্টিৰ বিশ বছৰে পাৰিষদ হৈ থকাৰ পাছতো সামগ্ৰীক উন্নয়নৰ পৰা বঞ্চিত হৈ ৰ'ল ভোটাৰ ৰাইজ । বিগত ২০ বছৰে ১৭ নং চুচেনধেন্তা পৰিষদীয় সমষ্টি দখল কৰি থকা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী কাছে ৰংপিপিৰ নিজা সমষ্টিত ৰাইজে নেদেখিলে উন্নয়নৰ মুখ (Kache Rongpipi of Socheng Dhenta Constituency) ।

বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ক্ষোভ সমষ্টিবাসীৰ

বৃহত্তৰ অঞ্চলটোত আজিও বাট-পথৰ দুখলগা অৱস্থা । নাই পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ সুবিধা । জুপুৰিসদৃশ গৃহত থাকিবলগীয়া হৈছে বহু লোক । ভোটদানৰ প্ৰাকমূহুৰ্তত ৰাইজৰ কাষত থিয় হৈ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি ৰাইজক বছৰে-বছৰে বিমুখ কৰি অহা কাছে ৰংপিপিক নিৰ্বাচনত এশিকনি দিবলৈ সাজু হোৱা বুলি জনালে চুচেনধেন্তা সমষ্টিৰ ভোটাৰে ।

লগতে পঢ়ক: ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.