ETV Bharat / state

SI Junmoni Rabha Accident Case : দুৰ্ঘটনাৰ সময়ত কেনে অৱস্থাত আছিল জোনমণি- কি ক’লে উদ্ধাৰকাৰীয়ে ?

author img

By

Published : May 18, 2023, 5:52 PM IST

কেনেদৰে মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ ? দুৰ্ঘটনা, হত্যা নে আন কিবা (SI Junmoni Rabha death incident)? বিভিন্ন জনে ব্যক্ত কৰিছে ভিন্ন প্ৰতিক্ৰিয়া ৷ কিন্তু কোন সঁচা বা কোন মিছা এতিয়াও সকলো ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষী তথা CIDয়েও সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷ মাত্ৰ সত্যৰ অপেক্ষাত সকলো এতিয়া বন্দী ৷

lady commented on SI Joonmoni Rabha death incident
জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা

ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা

কলিয়াবৰ, 18 মে’ : ক্ৰমাৎ ৰহস্যৰ মাজলৈ সোমাই গৈ আছে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা (Junmoni Rabha mysterious death) ৷ এতিয়াও ওৰ পৰা নাই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ ৷ সেই লৈ চলিছে ব্যাপক চৰ্চা ৷ ক্ষণে-ক্ষণে পট পৰিৱৰ্তন হৈছে । বিভিন্ন মহলৰ পৰা বিভিন্ন ভাষ্যই দুৰ্ঘটনাটোৰ ন ন দিশ উন্মোচিত কৰিছে ।

এইবোৰৰ মাজতে এগৰাকী মহিলাই ব্যক্ত কৰিছে নিজৰ মত (Public commented on SI Junmoni Rabha death incident) ৷ এই মহিলাগৰাকী হৈছে কলিয়াবৰৰ সৰুভগীয়াৰ শিপহা সত্ৰৰ ৷ এই মহিলাগৰাকীৰ ঘৰৰ সন্মুখতে সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷ কলিয়াবৰৰ সৰুভগীয়াৰ যি স্থানত আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনা সংঘটিত হৈছিল, সেই স্থানৰ গৃহস্থৰ ঘৰলৈ বুধবাৰে বিয়লি অপৰাধ অনুসন্ধান শাখাৰ দল গৈছিল ।

আনহাতে, দুৰ্ঘটনাৰ পাচতে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনাৰ মূহুৰ্তত ৰাজু বাছফৰ নামৰ চিকিৎসালয়ৰ অস্থায়ী কৰ্মীয়ে বাহনৰ পৰা উদ্ধাৰ কৰিছিল জোনমণিৰ মৃতদেহ । বাছফৰে জনোৱা মতে, সেই সময়ত চিট বেল্ট পৰিধান কৰা অৱস্থা নাছিল জোনমণি । আনকি জোতা খোল খাই আছিল গাড়ীতে ।

লগতে পঢ়ক : Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰে সম্পৰ্ক আছে নেকি ৰুণাৰ! হাচিনা বেগমৰে বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

বাহনখনৰ দৰ্জা খুলি দিওঁতেই উলাই পৰে জোনমণি ৰাভাৰ মৃতদেহটো । তদুপৰি, দুৰ্ঘটনাটোৰ প্ৰত্যক্ষ‍দৰ্শী বোকাখাটৰ যুৱকজনৰ ভাষ্যও দুৰ্ঘটনাস্থলীৰ পৰিৱেশৰ লগত মিলা নাই । কিয়নো, সেই স্থানত দুপৰ নিশালৈকে দোকান খোলা থকা কথাটো স্থানীয় বাসিন্দাই মানি লোৱা নাই । আনকি হোটেলো উক্ত স্থানৰ পৰা বহু নিলগতহে আছে ।

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ যি প্ৰথমটো মন্তব্য আগবঢ়াইছিল, ওচৰৰ দোকানৰ পৰা কিবা পেকেট খোৱা বুলি সেই মন্তব্যৰ কোনো ধৰণৰ সত্য নহয় বুলি মত প্ৰকাশ কৰিছে ওচৰৰ দোকানীৰ লগতে স্থানীয় লোকে । বিভিন্ন সংবাদ মাধ্যমত প্ৰত্যক্ষদৰ্শীজনে দিয়া বক্তব্যতো বিসংগতি দেখা গৈছে । গতিকে সেই ভাষ্য বিশ্বাসযোগ্য নহয় বুলিও আলোচিত হৈছে কলিয়াবৰত ।

লগতে পঢ়ক : Junmoni Rabha death case: মৰিকলং আৰক্ষীৰ ভাষ্য গ্ৰহণ চি আই ডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.