ETV Bharat / state

মৃতদেহ লৈ ৰহাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰাইজে

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:05 AM IST

Public block NH in Raha
মৃতদেহ লৈ ৰহাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰাইজে

মৃতদেহ লৈ দেওবাৰে ৰহাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰহা ব্যৱসায়ী সন্থাৰ লগতে শ শ স্থানীয় ৰাইজে (Public Protest in Raha) ৷ ৰহাত উৰণ সেঁতু নিৰ্মাণ কৰি (Road Accident in Raha) থকা ডি বি এল নামৰ কোম্পানীটোৱে আসোঁৱাহপূৰ্ণভাৱে কৰা কামৰ বাবে দুৰ্ঘটনাত পতিত হৈ দুজনৰ মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ ৷

মৃতদেহ লৈ ৰহাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰাইজে

ৰহা, 18 ডিচেম্বৰ : পথ দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিৰ শৱদেহ লৈ দেওবাৰে ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰহা ব্যৱসায়ী সন্থাৰ কৰ্মীৰ লগতে শ শ স্থানীয় ৰাইজে ৷ উল্লেখ যে, শনিবাৰে নিশা ৰহাত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাত নিহত হৈছিল দুজনকৈ লোকৰ ৷

ঘটনা অনুসৰি, শনিবাৰে স্থানীয় মহম্মদ ইজাজ আনচাৰী নামৰ এজন ব্যৱসায়ীয়ে তেওঁৰে কৰ্মচাৰী এজনৰ সৈতে স্কুটীৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ চেষ্টা কৰিছিল ৷ তেনে সময়তে তীব্ৰবেগী এখন বাহনে খুন্দা মাৰে স্কুটীখনত । ফলত থিতাতে নিহত হৈছিল মহম্মদ ইজাজ আনচাৰী নামৰ ব্যৱসায়ীজন আৰু আহত হৈছিল আৰিফ নামৰ লোকজন । কিন্তু পৰৱৰ্তী সময়ত আহত আৰিফ নামৰ লোকজনৰো মৃত্যু হয় ৷

ডি বি এল নামৰ কোম্পানীটোৰ আসোঁৱাহপূৰ্ণ কামৰ বাবে উক্ত ঘটনা হোৱা বুলি অভিযোগ উত্থাপন কৰি দেওবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি, ৰহাত উৰণ সেঁতু নিৰ্মাণ কৰি থকা ডি বি এল নামৰ কোম্পানীটোৱে আসোঁৱাহপূৰ্ণভাৱে কাম কৰি আছে । পথৰ ওপৰত নাই কোনো নিৰ্দেশনা । যাৰবাবে নিতৌ সৃষ্টি হয় তীব্ৰ যান-জঁটৰ । সঘনে সংঘটিত হৈছে দুৰ্ঘটনা । সেয়ে কোম্পানীটোৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা হোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷

ইফালে ৰাইজৰ প্ৰতিবাদৰ বাবে শ শ যান বাহন আৱদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত ৷ আনহাতে, পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীৰ লগত আলোচনাত বহে ৷ উক্ত আলোচনাত ৰাইজে দাবী কৰা সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰক্ষীয়ে ৷ তাৰ পাচতহে ৰাইজে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷

লগতে পঢ়ক : গ্ৰাহক সেৱা কেন্দ্ৰ আৱন্টনৰ নামত যুৱকৰ পৰা লুটি নিলে 35 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.