ETV Bharat / state

নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Feb 9, 2021, 7:14 AM IST

Updated : Feb 9, 2021, 11:06 AM IST

এইবাৰ ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি নগাঁৱত ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। জিন্দাবাদ, মুর্দাবাদৰ বিপৰীতে ব্যতিক্ৰমী শ্ল'গান প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ। পথ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাৱস্ত্য কৰা দেখা যায়।

নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

নগাঁও,9 ফেব্ৰুৱাৰীঃ এইবাৰ ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি নগাঁৱত ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । জিন্দাবাদ, মুর্দাবাদৰ বিপৰীতে ব্যতিক্ৰমী শ্ল'গান দি প্ৰতিবাদ কৰা দেখা গ’ল ছাত্ৰ ছাত্ৰীক। পথ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাৱস্ত্য কৰে।

নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

জিন্দাবাদ মূর্দাবাদ নহয়, এক ব্যতিক্ৰমী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ নগাঁও পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীৰ। ৰাস্তাত পানী দিয়ক শ্ল'গান দি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । উল্লেখযোগ্য যে, নগাঁও চহৰৰ পানীগাঁৱৰ পৰা পলিটেকনিকলৈ যোৱা পথছোৱাৰ চলি আছে নিৰ্মাণ কাৰ্য। পথ নিৰ্মাণৰ সময়ত পথত পানী দিব লাগে যদিও পথ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰে নিৰ্মীয়মান পথটিত পানী দিয়াৰ কোনো ব্যৱস্থা নকৰাত অতিমাত্ৰা ধূলিৰ মাজেৰে যাতায়ত কৰিবলগীয়া হৈছে পথচাৰীৰ লগতে পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ ফলত যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হৈছে পথচাৰীৰ লগতে পথচোৱাৰ দাঁতি-কাষৰীয়া লোকসকল ৷

ইপিনে পথটিত পানী দিয়াৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনোৱা স্বত্বেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীয়ে। তাৰ পিছতে অতিষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে সোমবাৰে বিয়লি পলিটেকনিকলৈ যোৱা পথটো অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আনহাতে ছাত্ৰ-ছাত্ৰী সকলে দীৰ্ঘসময় পথ অৱৰোধ কৰাৰ পিছতে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাতহে পথটো মুকলি কৰি দিয়ে ছাত্ৰ-ছাত্ৰী সকলে ।


লগতে পঢ়কঃ 11 ফেব্ৰুৱাৰীত অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায়দান

Last Updated : Feb 9, 2021, 11:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.