ETV Bharat / state

Protest against APDCL: শক্তিবিভাগৰ বিৰুদ্ধে জিলাই জিলাই প্ৰতিবাদৰ জোৱাৰ

author img

By

Published : Jun 13, 2023, 9:55 PM IST

Protest against APDCL
Protest against APDCL across Assam

মঙলবাৰে সমগ্ৰ অসমতে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিলে কংগ্ৰেছ, আম আদমী পাৰ্টিকে ধৰি বহুকেইটা দলে ৷ মূলতঃ বিদ্যুৎ মাচুল হ্ৰাস, লোড শ্বেডিং হ্ৰাস, স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰাৰ দাবী তোলে দল কেইটাই ৷

নিউজ ডেস্ক, 13 জুন: সমগ্ৰ ৰাজ্যতে মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে ৷ বৰ্ধিত বিদ্যুৎ মাচুল, স্মাৰ্ট মিটাৰ স্থাপন, অনিয়মীয়া বিদ্যুৎ যোগান আদিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী ৰাজনৈতিক দল দুটাই ৷ পৃথকে পৃথকে ৰাজ্যৰ প্ৰতিখন জিলাতেই প্ৰতিবাদেৰে পৰিবেশ উত্তাল কৰে দুয়োটা দলৰে নেতা-কৰ্মীয়ে ৷

কলিয়াবৰ: স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰা বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস, বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত আম আদমী পাৰ্টীৰ কলিয়াবৰ সমিতিৰ তীব্ৰ প্ৰতিবাদ । কলিয়াবৰৰ কুঁৱৰীটোলস্থিত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ (APDCL) কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আম আদমী পাৰ্টীৰ স্থানীয় নেতা-কৰ্মীয়ে । দিল্লী আৰু পঞ্জাব চৰকাৰে যদি 200 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰিব যদি পাৰে অসম চৰকাৰ কিয় বিদ্যুৎ মাছুল ৰেহাই দিব নোৱাৰে বুলি প্ৰশ্ন আম আদমী পাৰ্টীৰ । বিদ্যুৎ মাচুল সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যকো ধিক্কাৰ জনাই আপৰ সদস্যসকলে ৷

নগাঁও: শক্তি বিভাগৰ বিৰুদ্ধে নগাঁও সদৰতো দেখা যায় প্ৰতিবাদৰ ঢৌ । প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকৰ পৰা অত্যাধিক হাৰত বিদ্যুৎ মাচুল আদায় লোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰিপেইড স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনায় আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে । বিদ্যুৎ যোগান নিয়মীয়া কৰা, বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰা আদি কেবাটাও দাবীত বিভাগীয় বিষয়াৰ জৰিয়তে ৰাজ্যৰ শক্তি মন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ।

লখিমপুৰ: নগৰ ব্লক কংগ্রেছ কমিটিৰ সহযোগত লখিমপুৰতো জিলা কংগ্রেছ কমিটিয়ে দুটাকৈ পৃথক প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । জিলা কংগ্রেছৰ কাৰ্যালয়ৰ পৰা সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে কংগ্রেছ কৰ্মীসকলে । সময় মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে নিজা প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি ৰাজনৈতিক দল সমুহক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ দিয়াৰ দাবীত ধৰ্ণা দিয়ে প্ৰতিবাদী কংগ্রেছ কৰ্মী সকলে । আনহাতে, কংগ্রেছ কৰ্মীসকলে নগৰস্থিত এপিডিচিএলৰ কাৰ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰে । বৰ্ধিত বিদ্যুতৰ মাচুল বৃদ্ধি, সঘন লোড শ্বেডিং, নিয়মীয়াকৈ বিদ্যুৎ যোগান আদিৰ দাবীত কংগ্রেছ কৰ্মী সকলে এপিডিচিএলৰ কাৰ্যালয়ত প্ৰতিবাদ জনায় ।

লগতে পঢ়ক: Congress protest: হাতত বিচনী লৈ শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নগাঁৱৰ তিনি কংগ্ৰেছ বিধায়ক

ধিং: ঘনে ঘনে বিজুলী মাচুল বৃদ্ধি কৰি জনসাধাৰণক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি লাহৰীঘাটতো কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত লাহৰীঘাট বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সদস্যসকলে ৷

আমগুৰি: আমগুৰিতো আম আদমি পাৰ্টী, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়া বন্ধ কৰা, বৰ্ধিত মাচুল হ্ৰাস কৰা আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ বিৰোধী দলকেইটাৰ ৷ আমগুৰি বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টী, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ কৰ্মকৰ্তাই ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিদ্যুৎ বিভাগ হায় হায়, প্ৰতি ইউনিটত বৰ্ধিত মাচুল হ্ৰাস কৰক, বিজেপি হায় হায় আদি শ্ল’গান দিয়া দেখা যায় প্ৰতিবাদকাৰীসকলে ৷

মাজুলী: মাজুলীতো জিলা কংগ্ৰেছে APDCL-ৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ‌। ঘনে ঘনে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী কংগ্ৰেছ দলে । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, শক্তি মন্ত্ৰী গ’ বেক, শক্তি মন্ত্ৰীয়ে পদত্যাগ কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.