ETV Bharat / state

কলিয়াবৰৰ গোনামৰা সত্ৰত সংৰক্ষিত আপুৰুগীয়া সাঁচিপাতৰ পুথি

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 4:42 PM IST

Rupnarayan Gunamora Satra : শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰ কলিয়াবৰৰ ছ-অৰা সত্ৰৰ অন্যতম সত্ৰ । ১৮১৬ চনত মানৰ আক্ৰমণৰ সময়তে এই সত্ৰখন জয়কৃষ্ণৰ নাতি ৰূপনাৰায়ণে এই সত্ৰ স্থাপন কৰিছিল । এই সত্ৰত আছে আপুৰুগীয়া সাঁচিপাতৰ পুথি ।

Etv BharatGunamora Satra Kaliabor
কলিয়াবৰৰ গোনামৰা সত্ৰত সংৰক্ষিত আপুৰুগীয়া সাঁচিপাতৰ পুথি

কলিয়াবৰৰ গোনামৰা সত্ৰত সংৰক্ষিত আপুৰুগীয়া সাঁচিপাতৰ পুথি

কলিয়াবৰ, 27 ডিচেম্বৰ: ঐতিহাসিক দৃষ্টিকোণেৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰ পৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে । অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত ।

পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে । উক্ত পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগৃহীত আৰু সংৰক্ষিত হৈ আছে ।

কলিয়াবৰৰ ৰূপনাৰায়ণৰ গোনামৰা সত্ৰত সংৰক্ষিত হৈ আছে তেনে আপুৰুগীয়া সাঁচিপাতৰ পুথি । সংৰক্ষিত পুথিসমূহ ২০১০ চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ দিহা কৰাৰ লগতে এই পুথিসমূহৰ অবিকল ৰূপ সংৰক্ষণ হৈ আছে কলাক্ষেত্ৰত । দুজনা গুৰু প্ৰণীত পুথিৰ লগতে সমসাময়িক আৰু পৰৱৰ্তী সময়ৰ গুৰুসকলৰ প্ৰণীত ১২০ খন সাঁচিপাতৰ পুথি শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰত সংৰক্ষিত হৈ আছে ।

ইয়াৰ ভিতৰত কীৰ্তন-ঘোষা, ভক্তি ৰত্নাৱলী, ভক্তি প্ৰদীপ, দশম স্কন্ধ ভাগৱত, বৰগীত, ৰাম বিজয় নাট, পাৰিজাত হৰণ নাট, হৰিবংশ, হৰিশ্চন্দ্ৰ, নাম ঘোষা, চোৰধৰা নাট আদি আন্যতম । তদুপৰি মহাভাৰত, গুৰু চৰিতসহ আপুৰুগীয়া সাঁচিপতীয়া পুথিও সংৰক্ষিত হৈ আছে । এই গ্ৰন্থসমূহ বহু গৱেষকৰ অধ্যয়ণৰ সমলৰূপে পৰিচিত হৈ আহিছে ।

উল্লেখযোগ্য যে, মানৰ আক্ৰমণত শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰ বৰ্তমান মৰিগাঁও জিলাৰ গোনামৰা নামৰ এখন বিলৰ পাৰত ৰূপনাৰায়ণৰ তৃতীয় পুত্ৰ বিকাৰাম দেউয়ে স্থাপন কৰিছিল । মানৰ আক্ৰমণ শাম কটাত কলিয়াবৰৰ মূল সত্ৰৰ স্থানত বিকাৰাম দেউৰ বৰপুত্ৰ শ্ৰীৰাম আতাই পূৰ্বৰ সত্ৰৰ পৰা কিছু দূৰত গোনামৰা বিলৰ স্মৃতিত শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰ স্থাপন কৰে । এই সত্ৰত গুৰুজনাৰ পদশিলা প্ৰতিষ্ঠা কৰা আছে । সত্ৰখনত এতিয়াও সত্ৰীয়া পৰম্পৰা জীয়াই ৰখাৰ প্ৰচেষ্টা চলাই আহিছে বৈষ্ণৱসকলে ।

লগতে পঢ়ক: কলং উজ্জীৱিতকৰণ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পথত: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.