ETV Bharat / state

Nagaon police encounter: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

author img

By

Published : Feb 15, 2022, 10:26 AM IST

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও জিলাত অব্যাহত আছে আৰক্ষীৰ অভিযান । ইয়াৰ মাজতে নগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter in Nagaon)। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া চাজু ।

নগাঁও,১৫ ফেব্ৰুৱাৰী : নগাঁও জিলাত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । কিছু দিন পূৰ্বলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ অপৰাধীসকলৰ বাবে মূৰৰ কামোৰণি আছিল । কিন্তু শেহতীয়াকৈ তেওঁৰ বদলি হোৱাত বহুতে ভাবিছিল যে নগাঁও জিলাত পুনৰ অপৰাধীৰ কাৰ্যকলাপ বৃদ্ধি হ'ব । অৱশ্যে এনকাউণ্টাৰৰ বিতৰ্কত থকা আনন্দ মিশ্ৰৰ বদলিৰ পাছতো জিলাখনত আৰক্ষীৰ অভিযান অব্যাহত আছে ।

ইয়াৰ মাজতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ । আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া । জুৰীয়া বালিকটীয়াত সংঘটিত হৈছে এই এনকাউণ্টাৰ । গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ছাহজাহান আলী ওৰফে চাজু ।

জানিব পৰা মতে ড্ৰাগছ মাফিয়া চাজুৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল । অভিযানৰ সময়তে চাজুৱে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল । সেই সময়তে আৰক্ষীয়ে ড্ৰাগছ মাফিয়া জনক লক্ষ্য কৰি গুলীচালনা কৰিছিল ।

ভৰিত আঘাতপ্ৰাপ্ত চাজুক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ড্ৰাগছ মাফিয়া চাজুৰ ঘৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :আনন্দ বিহীন নগাঁও আৰক্ষীক থমকি ৰ’ব দিয়া নাই APS বিষয়া ধ্ৰুৱ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.