ETV Bharat / state

Play staged in natural environment: নগাঁৱত প্ৰাকৃতিক পৰিবেশত অগতানুগতিক ৰূপত নাট মঞ্চস্থ

author img

By

Published : Jan 30, 2023, 11:52 AM IST

Unusual plays staged in Nagaon for the purpose of protecting nature
নগাঁৱত প্ৰাকৃতিক পৰিৱেশত মঞ্চস্থ অগতানুগতিক নাট

প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে নগাঁৱত প্ৰাকৃতিক পৰিৱেশত মঞ্চস্থ অগতানুগতিক নাট (Play staged in natural environment)। পোহৰ শব্দৰ কাৰিকৰী কৌশল অবিহনেই মঞ্চস্থ নাটক । নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰ’দঘাই বেবেজীয়াৰ ব্যতিক্ৰমী পদক্ষেপ । দুদিনীয়াকৈ অনুষ্ঠিত নাট সমাৰোহত মুকলি আকাশৰ তলতেই মঞ্চস্থ হয় কেইবাখনো নাট ।

নগাঁৱত প্ৰাকৃতিক পৰিৱেশত মঞ্চস্থ অগতানুগতিক নাট

নগাঁও, 30 জানুৱাৰী: যি সময়ত অত্যাধুনিক শব্দ, পোহৰ আৰু মঞ্চত চমক সৃষ্টিৰে নাটকৰ এক অঘোষিত প্ৰতিযোগিতা অব্যাহত আছে, তেনে সময়ত নগাঁৱত কোনো কাৰিকৰী কৌশল অবিহনেই প্ৰাকৃতিক পৰিৱেশত মঞ্চস্থ হৈছে নাটক (Play staged in natural environment) । নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান "ৰদঘাই বেবেজীয়া"ৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ মুকলি আকাশৰ তলত অনুষ্ঠিত হোৱা নাট-সমাৰোহৰ যৱনিকা পৰে দেওবাৰে ।

পোহৰ আৰু শব্দৰ কাৰিকৰী কৌশলৰ অবিহনে বিগত তিনি বছৰে বেবেজীয়াৰ মুকলি পথাৰত, প্ৰাকৃতিক পৰিৱেশত অগতানুগতিক নাট মঞ্চস্থ কৰি আহিছে "ৰদঘাই বেবেজীয়া"ই । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বেবেজীয়াৰ পথাৰত মুকলি আকাশৰ তলত কেইবাটাও স্বনামধন্য নাট্য গোষ্ঠীয়ে অনুষ্ঠিত কৰে কেইবাখনো নাট।

শনিবাৰে প্ৰথম দিনা তিনিখনকৈ নাট মঞ্চস্থ হয় । নাট উপভোগ কৰিবলৈ বিভিন্ন স্থানৰ পৰা দৰ্শকৰ সমাগম ঘটে । একেদৰে দেওবাৰেও বেবেজীয়াৰ মুকলি পথাৰত মঞ্চস্থ হয় কেইবাখনো নাটক । মুকলি পথাৰত অনুষ্ঠিত হোৱা নাট সমাৰোহত ৰ’দঘাই বেবেজীয়াৰ নাটক অকণিৰ ধেমালি, ৰংগালয় পুৰণিগুদামৰ নাটক মাউখ, জংগম জামগুৰিৰ নাটক দোলা, ৰ’দঘাই বেবেজীয়াৰ নাটক হেঁপাহ, শতাব্দী নগাঁৱৰ নাটক সময় এক দুঃসময়, জ্যোতি ৰংগমঞ্চৰ নাটক এক বৃক্ষ শতপুত্ৰ সম, সোণালী মইনা পাৰিজাতৰ নাটক ফ’চ কলি ডট কম মঞ্চস্থ হয় ।

মুকলি নাট সমাৰোহৰ প্ৰথম দিনা অৰ্থাৎ শনিবাৰে অকণি ধেমালি, মাউখ, দোলা আৰু হেপাহ মঞ্চস্থ হোৱাৰ পিছত, দ্বিতীয় দিনাৰ নাট সমাৰোহৰ সামৰণিত নাট সময় এক দুঃসময়, এক বৃক্ষ শত পুত্ৰ সম আৰু শোণিত কুমাৰ বৰা পৰিচালনাত সোণালী মইনা পাৰিজাতৰ নাটক ফ’চ কলি ডট কম মঞ্চস্থ হয় (Staged play in Bebejia) ৷

উক্ত নাট সমূহ উপভোগ কৰিবলৈ বিভিন্ন স্থানৰ পৰা দৰ্শকৰ সমাগম ঘটে বেবেজীয়াৰ মুকলি পথাৰত । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ৰ’দঘাই বেবেজীয়াই বিগত তিন বছৰে এনে ব্যতিক্ৰমী নাটকৰ ব্যৱস্থা কৰি আহিছে ।

বেবেজীয়াৰ মুকলি পথাৰত কাৰিকৰী কৌশল অবিহনেই অনুষ্ঠিত হোৱা নাট সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (Rupak Sarmah in Bebejia) । ৰ'দঘাই বেবেজীয়াৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শ'লাগ লৈছে বিধায়ক ৰূপক শৰ্মাৰ লগতে বিভিন্নজনে (Nagaon MLA Rupak Sharma) ।

লগতে পঢ়ক: Hindu family donates land for Mosque: নলবাৰীত সম্প্ৰীতিৰ এক অনন্য নিৰ্দশন দাঙি ধৰিলে এটি হিন্দু পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.