ETV Bharat / state

ভাৰতত অ’মিক্ৰণৰ প্ৰাদুৰ্ভাৱে প্ৰভাৱ পেলাইছে নেকি বনভোজৰ আনন্দত ?

author img

By

Published : Dec 12, 2021, 9:37 PM IST

omicron-affects-number-of-picnic-parties-in-assam
Omicron ৰ ভাৰত আগমনে প্ৰভাৱ পেলাইছে নেকি বনভোজৰ দলৰ মনত ?

বিগত দুটা বছৰ ধৰি বন-ভোজৰ আনন্দৰ পৰা যথেষ্ট পৰিমাণে বিৰত থকা দেখা গৈছিল ৰাজ্যবাসীক ৷ চলিত বছৰৰ প্ৰথমচোৱাত ক’ভিড মহামাৰীৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পিছত শেহতীয়াকৈ কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল পৰিস্থিতি ৷ সম্প্ৰতি পুনৰ মহামাৰীৰ নতুন ভেৰিয়েন্ট Omicron য়ে ভাৰতত ভুমুকি মৰাৰ(Omicron in India) খবৰক কেন্দ্ৰ কৰি বনভোজ থলীত বনভোজ দলৰ উপস্থিতি অতি সেৰেঙা হোৱা দেখা গৈছে ।

চামগুৰি, 12 ডিচেম্বৰ : প্ৰথমে 2019 চনৰ কা-আন্দোলনৰ সময়, পৰৱৰ্তী সময়ত ক’ভিড সৃষ্ট লকডাউনৰ বাবে দুটাকৈ বছৰ ধৰি বিপৰ্যস্ত হৈ আছিল ৰাজ্যৰ পৰ্যটন উদ্যোগ(Impact of COVID lockdown in Assam tourism) ৷ বিগত দুটা বছৰ ধৰি বন-ভোজৰ আনন্দৰ পৰাও যথেষ্ট পৰিমাণে বিৰত থকা দেখা গৈছিল ৰাজ্যবাসীক ৷ 2021 চনৰ প্ৰথমচোৱাত ক’ভিড মহামাৰীৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পিছত শেহতীয়াকৈ কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল পৰিস্থিতি ৷

Omicron ৰ ভাৰত আগমনে প্ৰভাৱ পেলাইছে নেকি বনভোজৰ দলৰ মনত ?

কিন্তু বিশ্বৰ বহু কেইখন দেশৰ লগতে মহামাৰীৰ নতুন ভেৰিয়েন্ট Omicron য়ে এতিয়া ভাৰতত ভুমুকি মৰাৰ খবৰে চিন্তিত কৰিছে অসম মুলকৰ ৰাইজকো (Omicron in India) ৷ দুটাকৈ বছৰ বন-ভোজৰ আনন্দ নোলোৱাকৈ পাৰ কৰাৰ পিছত এতিয়া এইবেলিও নতুন সমস্যা সমুখত দেখি স্বাভাৱিকতেই হতাশ হৈছে ৰাইজ ৷ ইফালে, ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁও জিলাৰ চাপানালাৰ চম্পাৱতী বনভোজ থলীতো দেখা পোৱা গৈছে ইয়াৰ প্ৰভাৱ (Chapanala picnic spot)৷

ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ বুলিলে পূৰ্বে প্ৰতিদিনাই বহু সংখ্যক বনভোজ দলে ভিৰ কৰাৰ বিপৰীতে এইবাৰ ডিচেম্বৰ মাহত চম্পাৱতী বনভোজ থলীত বনভোজ দলৰ উপস্থিতি অতি সেৰেঙা হোৱা দেখা গ’ল ৷ আন বাৰৰ দৰে এইবেলিও বনভোজ দল সমূহক দিনটো উদযাপন কৰিবৰ বাবে বনভোজ থলীৰ পৰিচালনা কমিটিয়ে উপযুক্ত ব্যৱস্থা কৰি দিছে যদিও ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবেই নিশ্চয় চম্পাৱতীত বনভোজৰ দল সমূহে ভিৰ কৰা নাই বুলি সন্দেহ প্ৰকাশ কৰিছে লেচী সকলে ।

অৱশ্যে,যি দুই-এক বনভোজ দল চম্পাৱতীলৈ আগমন ঘটিছে সেই সকলে কিন্তু যথেষ্ট আনন্দ-উল্লাসৰ মাজেৰে এটা দিন পাৰ কৰা পৰিলক্ষিত হৈছে চাপানালাৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত । ইফালে, ৰাজ্যত শেহতীয়াকৈ সংঘটিত যোৰহাট কাণ্ড(Mob lynching in Jorhat)ৰ দৰে ঘটনা সমূহেও ৰাজ্যবাসীক বনভোজ আদিৰ দৰে পাৰ্বন সমূহত ভাগ লোৱাৰ মানসিকতা ম্লান কৰিছে বুলি অকপটে স্বীকাৰ কৰিছে উপস্থিত বহু কেইজন বনভোজকাৰীয়ে ।

লগতে পঢ়ক: Anti CAA movement : স্থিতি সলনি কৰা শিল্পীক মেৰুদণ্ডহীন আখ্যা জুবিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.