ETV Bharat / state

NSUI protest: শিক্ষামন্ত্ৰীক ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগৰ দাবী নগাঁও এন এছ ইউ আইৰ

author img

By

Published : Mar 17, 2023, 9:07 PM IST

Protest against HSLC question paper leak
Protest against SEBA in Nagaon

পুনৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাক লৈ উত্তাল ৰাজ্য । ৰাজ্যৰ শিক্ষা বিভাগ আৰু ছেবাৰ বিৰুদ্ধে সোচ্চাৰ বিভিন্ন দল-সংগঠন । শিক্ষা বিভাগ আৰু ছেবাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁৱৰো ছাত্ৰ সমাজ (Protest against SEBA in Nagaon) ।

শিক্ষামন্ত্ৰীক ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগৰ দাবী

নগাঁও, 17 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজনিশাৰ এটা টুইটে একপ্ৰকাৰ উত্তাল কৰি তুলিছে সমগ্ৰ ৰাজ্য । পুনৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কথা উল্লেখ কৰি টুইটযোগে পৰীক্ষা বাতিলৰ নিৰ্দেশ দিয়াৰ কৰা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই খবৰ বিয়পি পৰাৰ পিচতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন (Protest against HSLC question paper leak) ।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে নগাঁৱৰ ছাত্ৰ সমাজো । পৰীক্ষা বাতিলৰ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কৰা ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা এন এছ ইউ আইৰ সভাপতি পল্লব নাথে । তেওঁ প্ৰশ্ন কৰে যে বৰ্তমান অসমত শিক্ষা বিভাগটো কোনে চলাই আছে ? মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ? প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল সন্দৰ্ভত শিক্ষা বিভাগক তীৰ্যক সমালোচনা এন এছ ইউ আইৰ নেতা পল্লব নাথৰ (HSLC Assamese question paper leak) ।

লগতে পঢ়ক: HSLC Question paper leak: মাজুলীত জ্বলিল শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি

প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিচত মুখ্যমন্ত্ৰীয়েহে ছেবাক নিৰ্দেশ দিছিল পৰীক্ষা বাতিল কৰিবলৈ । কিন্তু নিয়ম অনুসৰি শিক্ষামন্ত্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি কিহৰ বাবে পৰীক্ষা বাতিল কৰিব লগীয়া হৈছে সেই কথা স্পষ্ট কৰিব লাগিছিল । শিক্ষামন্ত্ৰীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে সংবাদমেলৰ জৰিয়তে পৰীক্ষা বাতিলৰ বিষয়ে জনোৱাটো অতি লজ্জাজনক বুলিও মন্তব্য কৰে নগাঁৱৰ ছাত্ৰ নেতাজনে (NSUI slams Assam Education minister) ।

শিক্ষামন্ত্ৰী থকাৰ পাচতো মুখ্যমন্ত্ৰীয়েহে শিক্ষা বিভাগটো চলাই থকা বুলিও মন্তব্য কৰে পল্লব নাথে । ছেবাৰ প্ৰধান সচিব ৰমেশ চন্দ্ৰ জৈনক এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া আখ্যা দিয়ে এন এছ ইউ আইৰ নেতাগৰাকীয়ে । ২০১৬ চনৰ পৰা দুৰ্নীতিগ্ৰস্ত বিষয়া ৰমেশ চন্দ্ৰ জৈন কাৰ পৃষ্ঠপোষকতাত ছেবাত বৰ্তি থাকিব পাৰিছে বুলিও প্ৰশ্ন ছাত্ৰ নেতাজনৰ । দুৰ্নীতি আৰু কেলেংকাৰীত জড়িত ৰমেশ চন্দ্ৰ জৈনৰ কাৰ্যকাল শেষ হোৱাৰ পাচতো তেওঁ কেনেকৈ বৰ্তমানো ছেবাৰ প্ৰধান সচিব হৈ আছে বুলি পল্লব নাথে প্ৰশ্ন কৰে (Protest against SEBA chief) ।

লগতে পঢ়ক: HSLC question paper leak: অভিযুক্ত প্ৰণৱ দত্তক লগত লৈ খাবলু কাংবঙত আৰক্ষীৰ অভিযান

ৰমেশ চন্দ্ৰ জৈনৰ পৃষ্ঠপোষকতাত ছেবা সোণৰ কণী পৰা হাঁহত পৰিণত হোৱাৰ অভিযোগ পল্লব নাথৰ । ৰমেশ চন্দ্ৰ জৈন ছেবাৰ সচিব হোৱাৰ পাচৰে পৰা ছেবাৰ পয়ালগা অৱস্থা হৈছে বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ছাত্ৰ নেতাজনে । শিক্ষামন্ত্ৰীক শিক্ষা বিভাগ চম্ভালিবলৈ আহ্বান জনাই এন এছ ইউ আই নেতা-সদস্যসকলে কয় যে, শিক্ষা বিভাগটোক যদি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সুচাৰুভাৱে চলাব নোৱাৰে তেনেহলে তেওঁ পদত্যাগৰ কৰক (Demand for resign of Ranoj Pegu) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.