নগাঁও মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী বঁটা প্ৰদান অনুষ্ঠানত ড৹ ননীগোপাল মহন্ত

author img

By

Published : Sep 25, 2021, 10:30 PM IST

Nowgong collage platinum jubilee celebration

নগাঁও কলেজ (অট'নমাচ) ৰ মহাৰজত জয়ন্তী বঁটা প্ৰদান অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকি নতুন শিক্ষা নীতিত শিক্ষকৰ দায়িত্ব আৰু ভূমিকা বৃদ্ধি পাব বুলি মন্তব্য ড৹ ননী গোপাল মহন্তৰ ।

নগাঁও, 25 ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত নগাঁও কলেজ (অট'নমাচ )ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে মহাৰজত জয়ন্তী বঁটা বিশিষ্ট প্ৰকৃতিবিদ ড৹ প্ৰবীণ শইকীয়াক মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় । নগাঁও কলেজ (অট'নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড৹ ভুবন চন্দ্র চুতীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত অধ্যক্ষ আৰু মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ড৹ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে ।

আদৰণি ভাষণত ড৹ বৰকটকীয়ে নগাঁও কলেজৰ জন্ম লগ্নৰ ইতিহাস আৰু ৭৭ বছৰীয়া স্বৰ্ণিল পৰিক্ৰমাৰ এক চমু অৱলোকন দাঙি ধৰে । এই অনুষ্ঠানত উপস্থিত থাকি মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাই কলেজৰ গৌৰৱোজ্জ্বল যাত্ৰা আৰু কলেজৰ লগত আত্মিক সম্পর্কৰ কথা দোহাৰি ভৱিষ্যতে কলেজখনে কেৱল নগাঁৱে নহয় সমগ্র ভাৰতবৰ্ষৰ শিক্ষা জগতত নিজৰ স্থান অক্ষুণ্ণ ৰাখিব ।

Nowgong collage platinum jubilee celebration
নগাঁও মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী বঁটা প্ৰদান অনুষ্ঠান

মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তই মহাৰজত জয়ন্তী বঁটা প্ৰদান কৰে । ভাষণত ড৹ মহন্তই উল্লেখ কৰে যে, নতুন শিক্ষা নীতিত শিক্ষকৰ দায়িত্ব আৰু ভূমিকা বৃদ্ধি পাব আৰু এই শিক্ষা নীতি বাস্তৱ জীৱনৰ লগত সম্পর্ক থকা । ড৹ মহন্তই লগতে মন্তব্য কৰে যে, ছাত্র-ছাত্ৰীসকলে নম্বৰতকৈ উৎকৰ্ষ সাধনৰ প্ৰতি ব্ৰতী হ'ব লাগে ।

এই প্ৰসঙ্গতে তেখেতে আমিৰ খান অভিনীত 'থ্ৰী ইডিয়ট' ৰ কথা উল্লেখ কৰে । তেখেতে লগতে কয় যে গোলকীয়কৰণে আমাৰ বহুতো মূল্যবোধৰ সলনি কৰিছে আৰু বহুতো প্ৰত্যাহ্বান আহিছে আৰু এই প্ৰত্যাহ্বানৰ প্ৰতি আমি সাজু হ'ব লাগিব । এই বঁটা প্ৰদান অনুষ্ঠানৰ মধ্য মণি বঁটা প্ৰাপক বিশিষ্ট প্ৰকৃতিবিদ ড০ প্ৰবীণ শইকীয়াই তেখেতৰ ভাষণত বহুতো থলুৱা গছ-গছনি বিলুপ্তিৰ পথত বুলি উল্লেখ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে ।

তেখেতে আপুৰুগীয়া গছ, তৰুলতিকাৰে ভৰপূৰ তেখেতৰ 'বনতীৰ্থ' প্ৰকল্পৰ এক চমু আভাস দাঙি ধৰে । লগতে উল্লেখ কৰে যে, হৰমোহনত থকা সকলো উদ্ভিদ তেওঁৰ বনতীৰ্থত উপলব্ধ । ভাষণ প্ৰসঙ্গত তেখেতে 'বিলুপ্তপ্ৰায়' সৎ ফুল শদিয়াৰ পৰা কেনেকৈ মৰিগাঁৱত বিচাৰি পাইছিল এক জীয়া অভিজ্ঞতা দাঙি ধৰে । ড৹ শইকীয়াই এই বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ভূঁয়সী প্ৰশংসা কৰে আৰু তেখেতে লগতে ব্যক্ত কৰে যে অসমৰ আপুৰুগীয়া থলুৱা গছ-গছনি জীৱ বিচিত্ৰতাৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰিব লাগে ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.