ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

author img

By

Published : Sep 25, 2021, 8:05 PM IST

narendra modis speech in un

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত বক্তব্য প্ৰদান কৰি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ সবিশেষ জানো আহক ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 25 ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, সম্প্ৰতি সন্ত্ৰাসবাদক বিশ্বৰ ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ যিসকল লোকে সন্ত্ৰাসবাদক ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে বুজি পোৱা উচিত যে, ই তেওঁলোকৰ বাবে বিপদহে কঢ়িয়াব ৷ মোদীয়ে লগতে কয় যে, বিজ্ঞান-আধাৰিত যুক্তি আৰু প্ৰগতিশীল চিন্তাধাৰা সকলো মানৱ জাতিৰ ভেটি হ'ব লাগে ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) ৭৬ তম অধিৱেশনত মোদীয়ে শনিবাৰে কয় যে, ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি জনা যায় ৷ তেওঁ লগতে কয় "আমাৰ বৈচিত্ৰতাই হৈছে আমাৰ শক্তিশালী গণতন্ত্ৰৰ পৰিচায়ক। মই সেই দেশখনক প্ৰতিনিধিত্ব কৰোঁ, যাক গণতন্ত্ৰৰ মাতৃ বুলি জনা যায় । ভাৰতে এই বছৰ স্বাধীনতাৰ ৭৫ বছৰত প্ৰৱেশ কৰিছে । আমাৰ বৈচিত্ৰতাই হৈছে আমাৰ শক্তিশালী গণতন্ত্ৰৰ পৰিচয়," প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

তেওঁ লগতে কয়, " ডজনে ডজনে ভাষা, শ শ উপভাষা, বিভিন্ন জীৱনশৈলী আৰু ৰন্ধনপ্ৰণালী থকা আমাৰ দেশখন হৈছে জীৱন্ত গণতন্ত্ৰৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ ৷" এই বছৰৰ সাধাৰণ বিতৰ্কৰ বিষয়বস্তু হৈছে 'ক’ভিড-19ৰ পৰা পুনৰুদ্ধাৰ, পুনৰ নিৰ্মাণ, বিশ্বৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি দিয়া, মানুহৰ অধিকাৰক সন্মান কৰা আৰু ৰাষ্ট্ৰসংঘক পুনৰুজ্জীৱিত কৰাৰ আশাৰ জৰিয়তে স্থিতি-স্থাপকতা গঢ়ি তোলা '।

76 তম ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা মঙলবাৰে নিউয়ৰ্কত আৰম্ভ হৈছিল। এই বছৰ বৈঠক খন হাইব্ৰিড ফৰ্মেটত আছে কিন্তু বহু সংখ্যক নেতা নিউয়ৰ্কত উপস্থিত হৈছে । প্ৰধানমন্ত্ৰী মোদী বুধবাৰে দেশখনলৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে গৈ ৱাশ্বিংটনত উপস্থিত হৈছে । ক’ভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত চুবুৰীয়াৰ বাহিৰত এইটো তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ।

প্ৰধানমন্ত্ৰীয়ে ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো-বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে দ্বিপাক্ষিক বৈঠক তৈয়াৰ কৰে । তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাকো লগ কৰিছিল । প্ৰধানমন্ত্ৰী মোডীয়ে ক’ভিড-১৯ৰ পিছত ৱাশ্বিংটনত অনুষ্ঠিত প্ৰথম ব্যক্তিগত কোৱাড সন্মিলনতো অংশগ্ৰহণ কৰে । তেওঁ বৃহস্পতিবাৰে ভাৰতত সম্ভাব্য বিনিয়োগৰ বাবে বিশ্বৰ পাঁচজন জনপ্ৰিয় CEO ৰ সৈতেও বৈঠকত মিলিত হৈছিল।

লগতে পঢ়ক :কমলা হেৰিছক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.