ETV Bharat / state

নগাঁও আৰক্ষীক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

author img

By

Published : Jul 3, 2021, 5:52 PM IST

Nagaon police felicitated by Assam Olympic Association
নগাঁও আৰক্ষীক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

শুকুৰবাৰে নগাঁও জিলাৰ আৰক্ষীৰ ছাউনিত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে অসম অলিম্পিক সন্থায় (Assam Olympic Association) ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান লোৱাৰ বাবে এই অনুষ্ঠানত নগাঁও আৰক্ষী (Nagaon Police) কেইবাজনো আৰক্ষী শীৰ্ষ বিষয়াক সম্বৰ্ধনা জনোৱা হয় ৷

নগাঁও, 3 জুলাই : নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাছৰে পৰা ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছিল আই পি এছ (IPS) বিষয়া আনন্দ মিশ্ৰই (Anand Mishra) ৷ ড্ৰাগছ বিৰোধী অভিযানৰ বিগত কিছুদিন ধৰি বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা নগাঁও আৰক্ষীক (Nagoan Police) সম্বৰ্ধনা জ্ঞাপন কৰে অসম অলিম্পিক সন্থাই (Assam Olympic Association) । শুকুৰবাৰে নগাঁও জিলাৰ আৰক্ষী ছাউনিত আয়োজন কৰা এক ৰাজহুৱা সভাত নগাঁৱৰ বহুকেইগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰে অলিম্পিক সন্থাই ।

ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দিয়া নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক (Anand Mishra) বিশেষভাৱে সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই (Assam Olympic Association) । ইয়াৰোপৰি ড্ৰাগছ বিৰোধী অভিযানত জড়িত থকা নগাঁও জিলাৰ আৰক্ষী কনিষ্টবলৰ পৰা বিষয়ালৈ সকলোকে সম্বৰ্ধনা জনায় অলিম্পিক সন্থায় । ড্ৰাগছ বিৰোধী অভিযান আৰু অধিক তীব্ৰতৰ কৰি তুলিবলৈ আৰক্ষীৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে অসম অলিম্পিক সন্থাই এই পদক্ষেপ গ্ৰহণ কৰে বুলি সদৰি কৰে অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাসে ।

নগাঁও আৰক্ষীক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

উল্লেখ্য যে, আই পি এছ (IPS) বিষয়া আনন্দ মিশ্ৰই (Anand Mishra) নগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক হিচাপে যোগদান কৰাৰ পাচতে ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছিল নগাঁও আৰক্ষী ৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এটাৰ পাচত আন এটা ড্ৰাগছ ঘাটি উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল নগাঁও আৰক্ষীয়ে (Nagaon Police) ৷

উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পাচতে আই পি এছ (IPS) বিষয়া আনন্দ মিশ্ৰই (Anand Mishra) ক্ৰীড়া সংগঠনৰ লগতে সামাজিক সংগঠনে আৰক্ষীক এনেদৰে উৎসাহিত কৰিলে অপৰাধৰ বিৰুদ্ধে অভিযান চলাবলৈ অধিক শক্তি লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ তদুপৰি সাংবাদিকক সম্বোধন কৰি নগাঁও জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও সদৰি আই পি এছ (IPS) বিষয়া আনন্দ মিশ্ৰই (Anand Mishra) ৷ লগতে নগাঁও জিলাখনক কম দিনৰ ভিতৰত ড্ৰাগছ মুক্ত কৰিব বুলিও আনন্দ মিশ্ৰই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: পাঠাক কিয় গুলীয়ালে মৰিগাঁও আৰক্ষীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.