ETV Bharat / state

আৰক্ষীৰ জালত পৰিচয় পত্ৰ জালিয়াতিৰে অনলাইন সামগ্ৰী ক্ৰয় কৰা প্ৰৱঞ্চক

author img

By

Published : Apr 24, 2022, 4:30 PM IST

নগাঁও আৰক্ষীৰ আন এক সফলতা । পৰিচয় পত্ৰ জালিয়াতিৰে অনলাইন সামগ্ৰী ক্ৰয় কেলেংকাৰীত জড়িত এজনক আটক নগাঁও আৰক্ষীৰ (Nagaon police arrests cyber fraud) । লগতে জব্দ বিভিন্ন মূল্যবান সামগ্ৰীও ।

নগাঁও আৰক্ষীৰ আন এক সফলতা
নগাঁও আৰক্ষীৰ আন এক সফলতা

নগাঁও, 24 এপ্ৰিল : বিভিন্ন অপৰাধ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ আন এক সফলতা । এইবাৰ অনলাইনত সামগ্ৰী ক্ৰয়ৰ নামত ভয়ংকৰ জালিয়াতি সংঘটিত কৰা প্ৰৱঞ্চক চক্ৰ জালত পৰিছে নগাঁও আৰক্ষীৰ (Nagaon police arrested a fraud)। এই সন্দৰ্ভত শনিবাৰে সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল অভিযান ৷

আৰক্ষীৰ জালত পৰিচয় পত্ৰ জালিয়াতিৰে অনলাইন সামগ্ৰী ক্ৰয় কৰা প্ৰৱঞ্চক
আৰক্ষীৰ জালত পৰিচয় পত্ৰ জালিয়াতিৰে অনলাইন সামগ্ৰী ক্ৰয় কৰা প্ৰৱঞ্চক

এই অভিযানত প্ৰথমে আবু চালমান নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । আটক কৰা লোকজনক তালাচী চলাই আৰক্ষীৰ দলটোৱে কেইবাখনো ভুৱা আধাৰ কাৰ্ড(Fake Aadhaar Card)ৰ লগতে কেবাখনো চিম কাৰ্ড আৰু পান কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় । আনকি একেখন ফটো ব্যৱহাৰ কৰি বিভিন্ন নাম আৰু পৰিচয় থকা আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লগতে বহুতো চিম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ জালত পৰিচয় পত্ৰ জালিয়াতিৰে অনলাইন সামগ্ৰী ক্ৰয় কৰা প্ৰৱঞ্চক

তাৰ পাচতে ধৃত আবু ছালমাক হয়বৰগাঁও আৰক্ষী চকীলৈ লৈ অনা হয় ৷ আৰক্ষী চকীত তৰংগ পাটোৱাৰী নেতৃত্বৰ আৰক্ষীৰ দলটোৱে এই সন্দৰ্ভত চলাই মাৰাথান জেৰা ৷ আৰক্ষীৰ জেৰাৰ অন্তত পোহৰলৈ আহে ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ডেৰে অনলাইনত সামগ্ৰী ক্ৰয়ৰ নামত সংঘটিত কৰা ভয়ংকৰ কেলেংকাৰীৰ তথ্য ।

লগতে পঢ়ক : Police encounter in Nagaon : আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ মাফিয়া

জানিব পৰা মতে, আবু ছালমা নামৰ লোকজনে ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে টাটা নিউ নামৰ এটা এপত খুলিছিল একাউণ্ট । বেলেগৰ নামত থকা ভুৱা আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ জৰিয়তে বেলেগ বেলেগ নামত অনলাইন এপৰ একাউণ্ট খুলি ডেৰ লাখ টকালৈকে লাভ কৰিছিল ক্ৰেডিটৰ সুবিধা ।

আনকি এই এপৰ জৰিয়তে মাহেকীয়া কিস্তিত সামগ্ৰী ক্ৰয় কৰিছিল প্ৰৱঞ্চক আবু ছালমাই । হয়বৰগাঁও আৰক্ষীয়ে ওৰে নিশা জেৰা চলাই লাভ কৰা তথ্যৰ ভিত্তিত পুনৰ আৰম্ভ কৰে অভিযান । হয়বৰগাঁৱৰ ব্লু ডাৰ্ট নামৰ কুৰিয়াৰ সেৱাৰ জৰিয়তে প্ৰৱঞ্চকজনে সামগ্ৰী লাভ কৰা বুলি আবু ছালমাই ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে ৷

আবু ছালমাই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলটোৱে কুৰিয়াৰ সেৱাৰ পৰা জালিয়াতিৰে ক্ৰয় কৰা বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । কুৰিয়াৰ সেৱাৰ পৰা আবু ছালমাৰ নামত অহা তিনিটা ৰেফ্ৰিজেৰেটৰ, তিনিটা এন্দ্ৰইড ম’বাইল, এটা এ চি মেচিন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

উল্লেখ্য যে, অনলাইনত সামগ্ৰী ক্ৰয়ৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত আৰক্ষীৰ জালত পৰা মৰিগাঁও জিলাৰ মিকিৰভেটাৰ শিলপুখুৰীৰ আবু ছালমাৰ পৰা এখন টাটা টিয়াগ' গাড়ীও জব্দ কৰে হয়বৰগাঁও আৰক্ষীয়ে । অনলাইন সমগ্ৰী ক্ৰয় কেলেংকাৰীৰ অধিক তথ্যৰ বাবে বৰ্তমানো ধৃত আবু ছালমাক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : হনি ট্ৰেপিঙত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ অসম জাতীয় পৰিষদৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.