6 কোটি টকাৰ ৱৰ্ক অৰ্ডাৰৰ নামত 2 % কমিচন; হাফলং আৰক্ষীৰ জালত প্ৰৱঞ্চক

author img

By

Published : Sep 23, 2021, 9:07 PM IST

haflong police

বহিঃৰাজ্যৰ ঠিকাদাৰক ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগ সমাজ কল্যান বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগত কোটি কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত এগৰাকী প্ৰৱঞ্চক গ্ৰেপ্তাৰ ৷ মৰনৈ থানাৰ অন্তৰ্গত গোৱালপাৰাৰ পৰা প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে ।

ডিমা হাছাও, 23 ছেপ্টেম্বৰ : ডিমা হাছাওত এইবাৰ প্ৰৱঞ্চকৰ জাল । ঠিকাদাৰক জালত পেলোৱা প্ৰৱঞ্চক আৰক্ষীৰ জালত । বহিঃৰাজ্যৰ ঠিকাদাৰক ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগ সমাজ কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগত কোটি কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত এগৰাকী প্ৰৱঞ্চক মৰনৈ থানাৰ অন্তৰ্গত গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে ।

6 কোটি টকাৰ ৱৰ্ক অৰ্ডাৰৰ নামত 2 % কমিচন

বিজু দাস নামৰ এই প্ৰৱঞ্চক গৰাকীক হাফলং আৰক্ষীয়ে গোৱালপাৰাৰ পৰা হাফলং থানাত লৈ আহে । বহিঃৰাজ্য দিল্লী, মুম্বাই, বেংগালুৰুৰ ঠিকাদাৰক ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ গুৱাহাটীৰ নৰেন্দ্ৰ সিং, বিবেক ফুকন আৰু বিজু দাসৰ বিৰুদ্ধে । প্ৰৱঞ্চক বিজু দাসক হাফলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও পলাতক আছে নৰেন্দ্ৰ সিং আৰু বিবেক ফুকন নামৰ আন দুই প্ৰৱঞ্চক ।

লগতে পঢ়ক: গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

হাফলং থানাৰ পৰা প্ৰৱঞ্চক বিজু দাসক আদালত লৈ যোৱাৰ সময়তে সাংবাদিকৰ আগত প্ৰৱঞ্চক গৰাকীয়ে কয়, গুৱাহাটীৰ নিপন দহলীয়া, নৰেন্দ্ৰ সিং আৰু বিবেক ফুকন আৰু তেওঁ মিলি বেংগালুৰুৰ ভেংকটেছ পাই নামৰ এগৰাকী ঠিকাদাৰৰ পৰা ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ নামত 6 কোটি টকাৰ এখন ৱৰ্ক অৰ্ডাৰ দি 2 শতাংশ কমিচন অৰ্থাৎ 48 লাখ টকা লৈছিল । কিন্তু এই ৱৰ্ক অৰ্ডাৰ খন ভুৱা আছিল এই কথা গমপাই ভেংকটেছ পাইয়ে বেংগালুৰুৰ পৰা নিপন দহলীয়া আৰু নৰেন্দ্ৰ সিংৰ বেংক একাউণ্ট ব্লক কৰি ভাবুকি প্ৰদান কৰিছিল ৷

নৰেন্দ্ৰ সিং আৰু বিজু দাসে ভেংকটেছ পাইৰ টকা খিনি ঘূৰাই দিলেও নিপন দহলীয়া নামৰ ব্যক্তি জনে হাফলং থানাত বিজু দাসৰ নামত এখন এজাহাৰ দাখিল কৰিছিল যোৱা জুন মাহত ৷ ইয়াৰ পিছতে হাফলং আৰক্ষীয়ে বিজু দাসক হাফলং থানাত উপস্থিত হোৱাৰ বাবে জাননি জাৰি কৰিছিল ৷ পিচতে বিজু দাস হাফলং থানাত উপস্থিত নোহোৱাৰ বাবে হাফলং থানাত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: বিজেপিৰ কাৰ্যনিৰ্বাহক সভা : কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ

অৱশেষত গোৱালপাৰাৰ পৰা বিজু দাসক গ্ৰেপ্তাৰ কৰি হাফলঙলৈ অনা হয় । হাফলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়ে, নিপন দহলিয়া, নৰেন্দ্ৰ সিং, বিবেক ফুকন আৰু বিজু দাসে বেংগালুৰুৰ ভেংকটেছ পাই নামৰ ঠিকাদাৰ গৰাকীৰ পৰা স্বাস্থ্য বিভাগত 6 কোটি টকাৰ ঠিকা দিয়াৰ নামত 48 লাখ টকা কমিচন হিচাবে সংগ্ৰহ কৰিছিল ৷

এই অপৰাধতে যাৰ বাবে বিজু দাসক গ্ৰেপ্তাৰ কৰি হাফলংৰ আদালতত সাজিৰ কৰোৱা হয় আৰু তেওঁক অধিক সোধ-পোচৰ বাবে আৰক্ষীৰ জিম্মাত বিচৰা হৈছে । ইপিনে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাই, এই সকল প্ৰবঞ্চকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু গুৱাহাটীত বহি এনে দালাল ৰাজ চলোৱা ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দেৱলাল গাৰ্লচাই ।

লগতে পঢ়ক: লখিমপুৰত মুণ্ডন কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.