ETV Bharat / state

নগাঁও লোকসভা সমষ্টিক লৈ পুনৰবাৰ স্পষ্ট ৰকি-প্ৰদ্যুতৰ সংঘাত

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:05 PM IST

congress candidate conflict in Nagaon LS
নগাঁও লোকসভা সমষ্টিক লৈ পুনৰবাৰ স্পষ্ট ৰকি-প্ৰদ্যুতৰ সংঘাত

Congress Candidate in Nagaon LS : পুনৰ এবাৰ স্পষ্ট হ’ল কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজৰ সংঘাত । সুদীৰ্ঘ সময় বিজেপিৰ দখলত থকা নগাঁও লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হোৱা প্ৰদ্যুৎ বৰদলৈক আঁতৰোৱাৰ চক্ৰান্ত অব্যাহত নগাঁও জিলা কংগ্ৰেছৰ এটা মহলৰ । পুত্ৰক সংস্থাপনৰ বাবেই দিছপুৰ এৰি দিল্লীলৈ যোৱাৰ মন মেলিছে নেকি ৰকিবুল হুছেইনে ? নে প্ৰদ্যুৎ বৰদলৈক বিদায় দিয়াই লক্ষ্য ৰকিবুল হুছেইনৰ ?

নগাঁও, ২৫ ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয়ে ব্যস্ত হৈ পৰিছে সাংগঠনিক ভেটি শক্তিশালী কৰাত । কিন্তু ৰাজ্যৰ ৰাজনীতিত সম্প্ৰতি সকলোতকৈ চৰ্চিত লোকসভা সমষ্টিটো হৈ পৰিছে মধ্য অসমৰ নগাঁও লোকসভা সমষ্টি । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ পৰাই কংগ্ৰেছৰ বাবে সুবিধাজনক হৈ পৰা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ শিবিৰত আৰম্ভ হৈছে অন্তঃকন্দল ।

সুদীর্ঘ সময়ৰ অন্তত বিজেপিৰ দখলৰ পৰা নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক যেন নগাঁৱৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ সাজু হৈছে নগাঁৱৰে আন এগৰাকী প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে ৰকিবুল হুছেইনৰ কংগ্রেছী লবীয়ে । লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই অসম প্ৰদেশ কংগ্ৰেছক আবেদন দাখিল কৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে । নগাঁও লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ সাংসদ থকা সত্ত্বেও সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰি ৰকিবুল হুছেইনৰ লগতে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছে সাংসদ গৌৰৱ গগৈয়ে ।

উল্লেখ্য যে বিগত সময়ত একেৰাহে পাঁচটাকৈ কাৰ্যকালতেই বিজেপিৰ দখলত আছিল নগাঁও লোকসভা সমষ্টি । ৰাজ্যত বিজেপিৰ বিশেষ কোনো প্ৰভাৱ নথকা সময়তো বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজেন গোহাঁই । কিন্তু বিগত ২০১৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ প্ৰৱল ঢৌ থকা সত্ত্বেও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজয় সাব্যস্ত কৰি সমষ্টিটো কংগ্ৰেছে দখলত আনিবলৈ সক্ষম হৈছিল । অৱশ্যে বিগত লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ দলে প্ৰাৰ্থিত্ব নিদিয়াৰ ফলতেই কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হোৱাত যথেষ্ট সুবিধাজনক হৈ পৰিছিল ।

এইবেলি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ চামগুৰি, ৰূপহীহাট, ধিং, বটদ্ৰবা সমষ্টি বৰ্তমানৰ প্ৰস্তাৱিত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ পৰাৰ পিছতেই নগাঁও লোকসভা সমষ্টিত চকু পৰিছে বৰ্তমানৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰো । অৱশ্যে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিৰ লগতে কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰাও প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কাৰ্যালয়ত ।

কিন্তু বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে কেৱল নগাঁও লোকসভা সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰি জনাইছে আবেদন । কংগ্ৰেছ দলৰেই এগৰাকী সাংসদ থকাৰ পিছতো ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব বিচৰা বিষয়টোত বিশেষকৈ দুটা চর্চাই অধিক স্থান লাভ কৰিছে নগাঁৱৰ ৰাজনৈতিক মহলত । নগাঁও লোকসভা সমষ্টিৰ পৰাই দিল্লীলৈ গৈ বৰ্তমান ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি বিধানসভা সমষ্টিৰ পৰা পুত্ৰক বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ ৰকিবুল হুছেইনে পৰিকল্পনা কৰা বুলি চর্চা লাভ কৰিছে বিভিন্ন মহলত ।

আনহাতে, দীর্ঘদিনৰ পৰাই সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতে থকা সংঘাতৰ বাবেই প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ নিজে প্ৰাৰ্থিত্ব লাভ নকৰিলেও পৰৱৰ্তী সময়ত গৌৰৱ গগৈকে ৰকিবুল হুছেইনে সমৰ্থন কৰিব বুলি চর্চা চলিছে বিভিন্ন মহলত ।

অৱশ্যে নগাঁও লোকসভা সমষ্টিটোৰ পৰা তিনিগৰাকীকৈ নেতা ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব বিচাৰিছে যদিও হাইকমাণ্ডে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক :বিজেপিয়ে ধৰ্মৰ ৰাজনীতিৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিছে : দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.