ETV Bharat / state

Swachhta Awareness Rally:নগাঁও পৌৰসভাৰ স্বচ্ছতা সজাগতা শোভাযাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 5:06 PM IST

Swachhta Awareness Rally
স্বচ্ছতা সজাগতা শোভাযাত্ৰা

বিগত বৰ্ষত স্বচ্ছতা আৰু সৌন্দৰ্য্য বৰ্ধনত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা নগাঁও পৌৰসভাই স্বচ্ছতাৰ বাবে পুনৰ আৰম্ভ কৰিছে সজাগতামূলক কাৰ্যসূচী ।

স্বচ্ছতা সজাগতা শোভাযাত্ৰা

নগাঁও, 15 ছেপ্টেম্বৰ : শুকুৰবাৰে নগাঁৱত নগাঁও পৌৰসভাৰ উদ্যোগত উলিওৱা হয় সজাগতা শোভাযাত্ৰা । নগাঁও চহৰৰ সৌন্দৰ্য্য বৰ্ধন আৰু স্বচ্ছতাৰ বাবে নগাঁও পৌৰসভাই গ্ৰহণ কৰি আহিছে ন ন পদক্ষেপ ।

স্বচ্ছতা আৰু সৌন্দৰ্য্য বৰ্ধনৰ ক্ষেত্ৰত বিগত বর্ষত সৰ্বভাৰতীয় পৰ্য্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা নগাঁও পৌৰসভাই চহৰখনক স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত অব্যাহত ৰাখিছে বিভিন্ন প্ৰয়াস । নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত থকা জাৱৰৰ দ’ম পৰিষ্কাৰ কৰি চহৰৰ সমীপৰে কাটিমাৰী গ্ৰাণ্টত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰি উলিয়াইছে নগাঁও পৌৰসভাই ৷ নগাঁৱৰ ৰাইজক স্বচ্ছতা সন্দৰ্ভত সজাগ কৰি ৰখাৰ সমান্তৰালকৈ নগাঁও পৌৰসভাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে সজাগতামূলক বিভিন্ন কাৰ্যসূচী ।

শুকুবাৰেও পুৱা নগাঁও পৌৰসভাৰ উদ্যোগত নগাঁও চহৰ মাজমজিয়াৰে উলিওৱা হয় এক বিশাল সজাগতা শোভাযাত্ৰা । নগাঁও পৌৰসভাৰ কাৰ্যালয়ৰ পৰা উলিওৱা স্বচ্ছতামূলক সজাগতা শোভাযাত্ৰা নগাঁও চহৰৰ কেইবাটাও এলেকা হৈ পুনৰ উভতি আহে পৌৰসভা কাৰ্য্যালয়লৈ । স্বচ্ছতা সজাগতা শোভাযাত্ৰাত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰা, কাৰ্যবাহী বিষয়াসহ নগাঁও পৌৰসভাৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, আমাৰ নগাঁও আমাৰ গৌৰৱ শ্ল’গানেৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৰাজ্যখনৰ ভিতৰতে নগাঁও জিলাক জাকত জিলিকা কৰি তোলাৰ বাবে অব্যাহত ৰখা প্ৰয়াসৰ অংশীদাৰ হিচাপে নগাঁও পৌৰসভায়ো নগাঁৱক স্বচ্ছ কৰি ৰখাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । এই বৰ্ষতো অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্য্যায়ৰ স্বচ্ছতা লীগৰ বাবে শুকুৰবাৰে নগাঁও চহৰত উলিওৱা হয় স্বচ্ছতা সজাগতা শোভাযাত্ৰা ।

লগতে পঢ়ক : Street Play: ধেমাজিত শিশুৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.