ETV Bharat / state

অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং : ৰূপক শৰ্মা

author img

By

Published : Sep 30, 2021, 7:27 PM IST

নগাঁৱৰ হৃদপিণ্ডস্বৰূপ কলং অতি শীগ্ৰেই হ'ব বেদখলমুক্ত । বিগত তিনি বছৰে বন্ধ হৈ থকা নগাঁৱৰ দুখনকৈ পানীযোগান আঁচনি শুভাৰম্ভ কৰি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ । ৰাজ্যৰ সকলো চৰকাৰী ভূমিৰ পৰাই উচ্ছেদ কৰা হ'ব বেদখলকাৰীক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক ৰূপক শৰ্মা ।

অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং: ৰূপক শৰ্মা
অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং: ৰূপক শৰ্মা

নগাঁও, 30 ছেপ্তেম্বৰ : দীৰ্ঘদিনৰ পৰাই নগাঁৱৰ কলঙত বেদখল কৰি থকা একাংশ লোকক অতি শীঘ্ৰেই উচ্ছেদ কৰা হ'ব । কেৱল কলঙেই নহয় ৰাজ্যৰ সকলো চৰকাৰী ভূমিৰ পৰাই উচ্ছেদ কৰা হ'ব বেদখলকাৰীক । বেদখল উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে চৰকাৰে ।

অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং: ৰূপক শৰ্মা

বৃহস্পতিবাৰে নগাঁৱত দুখটাকৈ পানী যোগান আঁচনি শুভাৰম্ভ কৰি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক শৰ্মাই । নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ম'হমৰীয়া আৰু দেউৰীগাঁও পানী যোগান আঁচনি দুখন বিগত প্ৰায় তিনি বছৰে বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ ৰাজ্যৰ চৰকাৰৰ জলজীৱন মিছনৰ অধীনত পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে সমৰ্পিত কৰে পানী যোগান আঁচনি দুখন ।

পানী যোগান আঁচনি দুখনৰ জৰিয়তে পাঁচ শৰো অধিক পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব । পানী যোগান আঁচনি দুখন শুভাৰম্ভ কৰি চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবেই জলজীৱন মিছন আঁচনি গ্ৰহণ কৰিছে । ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক ৰূপক শৰ্মাই দিছপুৰৰ বাহিৰত অনুষ্ঠিত কেবিনেট সন্দৰ্ভতো মন্তব্য কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ পৰা ৰাইজৰ ওচৰলৈ গৈ অভাৱ অভিযোগসমূহৰ বুজ লোৱাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

তিনিবছৰে বিকল হৈ থকা পানী যোগান আঁচনি দুখন পুনৰ কাৰ্যক্ষম কৰি ৰাইজৰ বাবে সমৰ্পণ কৰা সমৰ্পিত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈসহ বিভাগীয় কেইবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়কঃ বিজেপিত যোগদান নকৰিলেও কংগ্ৰেছত নাথাকে কেপ্টেইন অমৰিন্দৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.