ETV Bharat / state

1 বজাৰ পৰিৱৰ্তে 4 বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাত অনুমতি প্ৰশাসনৰ

author img

By

Published : Jul 19, 2021, 8:39 PM IST

ৰাজ্যত পুনৰ এসপ্তাহৰ বাবে ক’ভিড (Covid)ৰ নতুন নীতি-নিৰ্দেশনা (SOP) জাৰি হোৱাৰ পাচতে কঠোৰ হৈ পৰিছে নগাঁও আৰক্ষী প্ৰশাসন (Nagaon District Administration) ৷ নগাঁও জিলাত মানিব চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত সংবাদমেল সম্বোধন জিলা উপায়ুক্ত কবিতা পদ্মনাভন (Kavitha Padmanathan) আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ৰ ৷ জিলাখনত কিছু শিথিলতা ঘোষণা কৰা হৈছে ৷ সকলোৱে ক’ভিড (Covid) প্ৰট’কল মানি চলিব লাগিব বুলি মন্তব্য কৰে জিলা প্ৰশাসনে ৷

nagaon district administrators pressmeet
নগাঁও জিলা প্ৰশাসনৰ সংবাদমেল

নগাঁও, 19 জুলাই : সোমবাৰে ৰাজ্য চৰকাৰে ক’ভিড (Covid)ৰ নতুন নীতি-নিৰ্দেশনা (SOP) জাৰি কৰাৰ পাচতে এক সংবাদমেল সম্বোধন কৰে নগাঁও জিলা প্ৰশাসনে (Nagaon District Administration) ৷ সংবাদমেলযোগে নগাঁও জিলাত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত আলোচনা কৰা হয় ৷ সেই অনুসৰি মঙলবাৰৰ পৰা নগাঁৱবাসীয়ে পাব কিছু সকাহ । নতুন ক’ভিড নীতি অনুসৰি জিলাখনত মঙলবাৰৰ পৰা দিনৰ 1 বজাৰ পৰিৱৰ্তে বিয়লি চাৰি বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ ৷

দিনৰ 2 বজাৰ পৰিৱৰ্তে বিয়লি 5 বজাৰ পৰা বলৱৎ কৰা হ’ব সান্ধ্য আইন (Curfew)। নগাঁও জিলাত সম্প্ৰতি ক’ভিড আক্ৰান্তৰ সংখ্যা 100 ৰ তললৈ অহাৰ বাবেই সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা হৈছে জিলাখনত । সোমবাৰে নগাঁও আৱৰ্ত ভৱনত আয়োজিত হোৱা সংবাদমেলত এই কথা অৱগত কৰে জিলা উপায়ুক্ত কবিতা পদ্মনাভনে (Kavitha Padmanathan) ।

নগাঁও জিলা প্ৰশাসনৰ সংবাদমেল

আনহাতে, মঙলবাৰে নতুন SOP প্ৰকাশ পোৱাৰ পাচতে নগাঁও ব্যৱসায়ী সন্থাৰ সৈতে আলোচনাত মিলিত হয় জিলা উপায়ুক্ত কবিতা পদ্মনাভন আৰু আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra) ৷

নগাঁৱত কিছু শিথিলতা ঘোষণা কৰাৰ লগতে সকলোকে নতুন নীতি সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনায় জিলা উপায়ুক্তগৰাকীয়ে । জিলাখনত ক’ভিড সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও এতিয়াও সম্পূৰ্ণ ক’ভিড মুক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ক’ভিড প্ৰট’কল মানি চলিব লাগিব বুলি মন্তব্য কৰে জিলা উপায়ুক্তই । সংবাদমেলত উপস্থিত থাকি ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত আৰক্ষী-প্ৰশাসন অধিক কঠোৰ হ’ব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ৰাজ্য চৰকাৰে সোমবাৰে ঘোষণা কৰে ক’ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (SOP) । মঙলবাৰৰ পুৱা 5 বজাৰ পৰা ৰাজ্যজুৰি বলৱৎ হ’ব এই নতুন নীতি-নিৰ্দেশনা । পৰৱৰ্তী এসপ্তাহৰ বাবে পাঁচখন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন (Containment Zone) ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক : পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.