ETV Bharat / state

নগাঁৱৰ ফাঁচীৰোডত উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ

author img

By

Published : Aug 21, 2021, 5:18 PM IST

ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ বাবেই ২২ টা পৰিয়ালৰ ওপৰত উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ । নগাঁৱৰ ফাঁচীৰোডত জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান । চৰকাৰী মাটি বেদখল কৰি অসামজিক কাৰ্যৰ চলাই আহিছিল একাংশই ।

Nagaon district administration
নগাঁৱৰ ফাঁচীৰোডত উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ

নগাঁও, 21 আগষ্ট : ড্ৰাগছ ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱৰ ফাঁচীৰোডত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান । নগাঁৱত ড্ৰাগছৰ অন্যতম ঘাটিলৈ পৰিণত হৈছে ফাঁচী ৰোড । অভিযোগ অনুসৰি, চৰকাৰী মাটি বেদখল কৰি দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত ড্ৰাগছকে ধৰি বিভিন্ন অসামজিক কাম-কাজ চলাই আহিছে একাংশ লোকে ৷

নগাঁৱৰ ফাঁচীৰোডত এটাৰ পাচত আনটো ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ পাচতো অঞ্চলটো ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰাই নগাঁও আৰক্ষী । কাৰণ এই ফাঁচীৰোডৰ পৰা এসপ্তাহ-পোন্ধৰ দিনৰ মূৰে মূৰে আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । তথ্য অনুসৰি, শেহতীয়াকৈ ফাঁচীৰোডৰ বহু মহিলাও জড়িত হৈ পৰিছিল ড্ৰাগছ সৰবৰাহৰ লগত ৷

নগাঁৱৰ ফাঁচীৰোডত উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনৰ

অভিযোগ মতে, পুৰুষ সকলে যোগান ধৰা ড্ৰাগছ ঘৰৰ পৰাই বিক্ৰীৰ ব্যৱস্থা কৰে একাংশ মহিলাই । ড্ৰাগছৰ ব্যৱসায় কৰি বহু মহিলাই বৰ্তমানেও খাই আছে ৰঙাঘৰৰ ভাত । মুঠৰ ওপৰত অপৰাধীৰ অন্যতম ঘাটিত পৰিণত হৈছিল নগাঁও চহৰৰ ফাঁচীৰোড ।

লগতে পঢ়ক: তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

মাত্ৰ দুটা দিন পূৰ্বে নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই শৌচাগাৰত লুকুৱাই ৰখা অৱস্থাত বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছিল । অঞ্চলটোত উপস্থিত হৈ এক প্ৰকাৰৰ সকিয়নীও দিছিল নগাঁৱৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰই ।

জানিবপৰা মতে, চৰকাৰী ভূমি বেদখল কৰি একাংশই অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত কৰা ফাঁচীৰোডত উচ্ছেদৰ বাবে প্ৰশাসনক অৱগত কৰাৰ কথাও উল্লেখ কৰিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে । সেইমতেই জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই ফাঁচীৰোডৰ বেদখলকৃত ভূমিত ।

মহিলা আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল লগতলৈ শনিবাৰে ফাঁচীৰোডত উপস্থিত হয় জিলা প্ৰশাসনৰ লোক । দণ্ডাধীশৰ উপস্থিতিত বুল্ড'জাৰ চলাই উচ্ছেদ কৰে বেদখলকাৰীৰ বাসগৃহ । জিলা প্ৰশাসনে শনিবাৰে ফাঁচীৰোডৰ মুঠ ২২ টাকৈ পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰে বুলি জানিবলৈ দিয়ে উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙে ।

লগতে পঢ়ক: সোণোৱালৰ "আশীৰ্বাদ যাত্ৰাই" ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.