ETV Bharat / state

নগাওঁ মহাবিদ্যালয়তো জ্বলিছে কেব বিৰোধী জুইঃ আন্দোলনত অংশ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

author img

By

Published : Dec 7, 2019, 10:48 PM IST

শনিবাৰে কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে কেব বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নগাওঁ চহৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ ইতিমধ্যে নগাওঁ মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া হীৰক জয়ন্তী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পিছত প্ৰতিবাদত নমা দেখা গ’ল নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক
বিষয় কেবঃনগাওঁ মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক সংগ প্ৰদান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

নগাঁৱ,7 ডিচেম্বৰঃ ৰাজ্যৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পিছত প্ৰতিবাদত নামিল নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । শনিবাৰে কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰতিবাদী দলটোৱে কেব বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নগাওঁ চহৰ। উক্ত প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বহুকেইখন কলেজে অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়ৰ সন্মুখৰ মূলপথটি অধিকাৰ কৰি পথৰ ওপৰতে শুই পৰে একাংশ ছাত্ৰ ৷ আৰক্ষীয়ে প্ৰতিবাদী দলটোক বাধা প্ৰদানৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷

বিষয় কেবঃনগাওঁ মহাবিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক সংগ প্ৰদান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ

ইপিনে পথটোৰে যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কনভয় বিজেপি নেতাৰ বুলি ভাবি ঘেৰাও কৰাৰ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে । অৱশ্যে মহন্তয়ো ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । অসম আন্দোলনৰ পটভূমি নগাওঁত কেবৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, প্ৰতিবাদস্থলীত এজন ছাত্ৰই তেজেৰে শ্লোগান লিখি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷ শৰীৰত শেষ বিন্দু তেজ থকালৈ এই আন্দোলন চলিব বুলি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে মন্তব্য কৰে ৷

শেষ বিন্দু তেজ থকালৈ এই আন্দোলন চলিব বুলি প্ৰতিবাদী দলটোৱে মন্তব্য প্ৰকাশ কৰে

ইতিমধ্যে নগাওঁ মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া হীৰক জয়ন্তী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ তদুপৰি দীর্ঘ সময়জোৰা প্ৰতিবাদৰ অন্তত দলটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,অমিত শ্বাহ,মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতীকী শৱদেহ লৈ শ্মশান যাত্ৰা কৰে । প্ৰায় তিনি কিল’মিটাৰৰ যাত্ৰাৰ অন্তত নগাওঁ নেহৰুবালিত ধৰ্মীয় ৰীতি-নীতিৰে সৎকাৰ কৰা হয় নেতা কেইজনৰ শৱদেহ । উল্লেখ্য যে, বিধায়ক ৰূপক শৰ্মাৰ ফটো সম্বলিত হৰ্ডিং এখন ফালি দিয়ে একাংশ প্ৰতিবাদকাৰীয়ে । মুঠৰ ওপৰত প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নলয় বুলি দাবী জনায় ।

লগতে চাওকঃবিজেপিৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া

Intro:কটন বিশ্ববিদ্যালয়ৰ পিছত কেবৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত কঁপিল নগাওঁ। প্ৰতিবাদত অংশগ্ৰহণ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। কেঁচা তেজেৰে লিখিলে জয় আই অসম। প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী ৰ শৱদেহ লৈ শ্মশান যাত্ৰা। ধৰ্মীয় ৰীতি নীতিৰে কৰিলে সৎকাৰ। নেহৰুৱালীত ফালিলে বিধায়ক ৰূপক শৰ্মাৰ ছবি সম্বলিত হৰ্ডিং।


Body:কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পিছত প্ৰতিবাদত নামিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। শনিবাৰ দিনটো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ থাকিল নগাওঁ চহৰ। পুৱাৰে পৰা নগাওঁ মহাবিদ্যালয়ৰ সন্মুখত মূল পথৰ ওপৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদ নগাওঁ মহাবিদ্যালয়কে ধৰি জিলাখনৰ বহুকেইখন মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। পথৰ ওপৰতে শুই পৰে একাংশ ছাত্ৰ। কেৱল চৰকাৰ আৰু কেব ৰ বিৰুদ্ধে ধ্বনি। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক বাধা প্ৰদানৰ চেষ্টা আৰক্ষীৰ। কিন্তু কোনো বাধাই ক্ষান্ত কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীক। পথটোৰে পাৰ হৈ যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গাড়ীও বিজেপি নেতাৰ গাড়ী বুলি ঘেৰাও কৰাৰ চেষ্টা একাংশ প্ৰতিবাদকাৰীৰ। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত। প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য। অসম আন্দোলনৰ আৰম্ভণি কৰা নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেবৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ বাবে ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
bite- প্ৰফুল্ল কুমাৰ মহন্ত।
vo- প্ৰতিবাদস্থলীতেই এগৰাকী ছাত্ৰই হাত কাটি কেঁচা তেজেৰে লিখিলে জয় আই অসম। কেঁচা তেজেৰে জয় আই অসম লিখি ছাত্ৰৰ হুংকাৰ। এয়া মাত্ৰ এটা উদাহৰণ। প্ৰয়োজনত শৰীৰৰ শেষ বিন্দু তেজ থকালৈ কৰিব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলি থাকিব আন্দোলন।
bite- ছাত্ৰ।
vo- ইপিনে নগাওঁ মহাবিদ্যালয়ত হবলগীয়া হীৰক জয়ন্তী অনুষ্ঠানত ৰূপক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে।
bite- ছাত্ৰ।



Conclusion:ইপিনে দীর্ঘসময়ৰ প্ৰতিবাদৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৱদেহ লৈ কৰে শ্মশান যাত্ৰা। প্ৰায় তিনিকিলোমিতাৰ যাত্ৰাৰ অন্তত নগাওঁ নেহৰুৱালীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰে নেতাকেইজনৰ শৱদেহ। উল্লেখযোগ্য যে নেহৰুৱালীত অনুষ্ঠিত হবলগীয়া যোগী সন্মিলনীৰ অনুষ্ঠানৰ প্ৰস্তুত চলি থকা স্থানৰ বিধায়ক ৰূপক শৰ্মাৰ ফটো সম্বলিত হৰ্ডিং ফালি দিয়ে একাংশ প্ৰতিবাদকাৰীয়ে।
bite-
মুঠৰ ওপৰত প্ৰতিবাদকাৰীৰ এটাই দাবী। কোনো কাৰণত মানি লোৱা নহব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক।
-----------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
৭-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.