ETV Bharat / state

Press Meet of MP Pradyut Bordoloi: নগাঁৱত বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত: প্ৰদ্যুৎ

author img

By

Published : Jun 17, 2023, 8:13 PM IST

Pradyut bordoloi press meet
সাংসদ প্ৰদ্যুৎ বৰদলৈ

বিগত এবছৰতে নগাঁৱত যুৱকসহ চাৰি সহস্ৰাধিক লোক ড্ৰাগছ আসক্ত হোৱা তথ্য পোহৰলৈ আহিছে । ড্ৰাগছৰ হাব হিচাপে পৰিণত নগাঁও । এই মন্তব্য নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । নগাঁৱৰ সমস্যা সামধানৰ বাবে প্ৰদ্যুৎ বৰদলৈৰ নতুন অভিযান "নগাঁৱৰ আহ্বান নগঞা সমিধান ।"

সাংসদ প্ৰদ্যুৎ বৰদলৈ

নগাঁও, ১৭ জুন :সাংসদ হিচাপে চাৰিটা বছৰ অতিক্ৰম কৰাৰ পিচত লোকসভা নিৰ্বাচনৰ চমু চাপি অহাৰ লগে লগে নগাঁৱৰ সমস্যা সমাধানৰ গুৰুত্ব দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁৱৰ থলুৱা সমস্যা সমাধানৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰি নগঞাৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সেয়েহে "নগাঁৱৰ আহ্বান নগঞা সমিধান" নামৰ এক আঁচনি গ্ৰহণ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

এই সন্দৰ্ভত শনিবাৰে নগাঁও আৱৰ্ত ভৱনত এক সংবাদমেলৰ আয়োজন কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়ে সদৰি কৰিছে । তেওঁ কয়," জনপ্ৰতিনিধি হিচাপে মোৰ অনুভৱ- সকলো ঠাইৰে সমস্যা পৃথক। মোৰ অনুভৱ নিজৰ ঠাইৰ ওপৰত সম্যক জ্ঞান থকা ব্যক্তিয়েহে সঠিক সমিধান দিব পাৰে । মোৰ সংসদীয় এলেকা উন্নয়ণ পুঁজিৰে নগাঁৱৰ সমস্যা সমাধানৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে । " " নগাঁৱৰ আহ্বান, নগঁঞা সমিধান" নামৰ আঁচনিৰ কথা উল্লেখ কৰি জিলা প্ৰশাসনে ইয়াৰ বাবে এক কমিটী গঠন কৰি দিয়া বুলি সংবাদমেলত মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

তেওঁ নগাঁৱৰ থলুৱা সমস্যাক চিনাক্ত কৰাটোয়েই এই আঁচনিৰ মূল লক্ষ্য বুলি উল্লেখ কৰি প্ৰধান তিনিটা সমস্যাক বিচাৰি উলিওৱাৰ প্ৰসংগ উল্লেখ কৰে । ইয়াৰ ওপৰত এক সামাজিক অংশীদাৰিত্বৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব উল্লেখ কৰি তেওঁ পুনৰ কয় যে জনসংখ্যা বৃদ্ধিৰ ফলত সংকোচিত হৈছে নগাঁৱৰ জলাশয়সমূহ । কলং নদীয়ে হেৰুৱাইছে স্বাভাৱিক স্ৰোত । পৰিৱেশ প্ৰদূষিত হৈছে নগাঁৱৰ । নগাঁও চহৰৰ নলা-নৰ্দমা নিস্কাষণৰ প্ৰয়োজনীতা বৃদ্ধি পাইছে । এই সন্দৰ্ভতো উক্ত আঁচনিৰ জৰিয়তে সমিধান বিচৰা হৈছে বুলি উল্লেখ কৰে বৰদলৈয়ে ।

তেওঁ কয় যে এই সকলো সমাধান বিচাৰি অহা ১৯ জুনত আৰম্ভ কৰা হ'ব এক প্ৰতিযোগিতাৰ । ১৯ আগষ্টলৈ চলিব এই প্ৰতিযোগিতা । হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে নগাঁৱৰ বিনোদ দুলু বৰাই উদ্ভাৱনী শক্তিৰে যথেষ্ট সফলতা অনাৰ কথাও উল্লেখ কৰে সাংসদজনে । প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিনোদ দুলু বৰা, শান্তা শৰ্মা আৰু লখিমী বৰুৱা উপস্থিত থাকিব বুলি সদৰী কৰে প্ৰদ্যুৎ বৰদলৈয়ে । প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১ লাখ ২৫ হাজাৰ, দ্বিতীয় পুৰস্কাৰ ১ লাখ আৰু তৃতীয় পুৰস্কাৰ ৭৫ হাজাৰ টকা ।

ইপিনে ,বিগত এটা বছৰত অৰ্থাৎ ১ এপ্ৰিল ২০২২ৰ পৰা ৩১মাৰ্চ ২০২৩ লৈকে নগাঁৱত প্ৰায় ৪ হাজাৰ ড্ৰাগছ আসক্ত চিকিৎসাধীন হৈ আছিল । অসমৰ ভিতৰতে নগাঁও ড্ৰাগছ সৰ্ববৃজৎ সৰবৰাহৰ কেন্দ্ৰ হৈ পৰাৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক:বানৰ সময়তে ধেমাজিত আবতৰীয়া ভেলেন্টাইন ডে’; কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.