ETV Bharat / state

জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন

author img

By

Published : May 24, 2021, 2:24 PM IST

moirabari-police-covid-testing-of-escape-passengers
জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলাতক যাত্ৰীৰ ক’ভিড পৰীক্ষা

দেওবাৰে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত 32 গৰাকী যাত্ৰীক চিনাক্ত কৰি সোমবাৰে ক’ভিড পৰীক্ষা কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ ইয়াৰে ভিতৰত দুগৰাকী ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

ধিং,24 মে’: জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰা 32 গৰাকী যাত্ৰীক চিনাক্ত কৰি সোমবাৰে ক’ভিড পৰীক্ষা কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ উল্লেখ্য যে, দেওবাৰে পলায়ন কৰিছিল শতাধিক বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীয়ে ৷

মৰিগাঁও আৰু মায়ং আৰক্ষীয়ে পলায়ন কৰা 32 গৰাকী যাত্ৰীক আটক কৰি মৈৰাবাৰী আৰক্ষীৰ সহযোগত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰা হয় । উক্ত 32 গৰাকী যাত্ৰীৰ ভিতৰত দুগৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱা বুলি জানিব পৰা গৈছে ৷

moirabari-police-covid-testing-of-escape-passengers
জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলাতক যাত্ৰীৰ ক’ভিড পৰীক্ষা

ক’ভিডত আক্ৰান্ত যাত্ৰী দুগৰাকীক ইতিমধ্যে লাহৰীঘাট ব্লক পি এইচ চিৰ ক’ভিড চিকিৎসা কক্ষলৈ প্ৰেৰণ কৰা হৈছে । পলায়ন কৰা যাত্ৰী কেইগৰাকীৰ ভিতৰত সৰহভাগেই আছিল মৰিগাঁও আৰু নগাঁও জিলাৰ ৷

মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ নিৰ্দেশমৰ্মে যাত্ৰীকেইগৰাকীক চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰিবলৈ সক্ষম হয় । লগতে আটাইকেইগৰাকী যাত্ৰীৰ ক’ভিড ফলাফল নোলোৱালৈকে তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : হাফলঙত পুনৰ মৃত্যু ক’ভিড ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.