ETV Bharat / state

Assam D Voter: কংগ্ৰেছৰ দিনৰ পাপৰ প্ৰায়চিত্ত কৰি আছে বিজেপিয়ে; ৰূপক শৰ্মা

author img

By

Published : May 2, 2023, 10:40 PM IST

Assam D Voter
Assam D Voter

ডি ভোটাৰক লৈ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ বিধায়ক ৰূপক শৰ্মাৰ (Assam D voter controversy) ৷ কংগ্ৰেছৰ দিনত কৰা পাপ বিজেপিয়ে প্ৰায়চিত্ত কৰিব লগা হোৱা বুলি মন্তব্য নগাঁও সদৰৰ বিধায়কগৰাকীৰ ৷

কংগ্ৰেছৰ দিনৰ পাপ বিজে্পিয়ে প্ৰায়চিত্ত কৰি আছে: ৰূপক শৰ্মা

নগাঁও, 2 মে’ : ডি ভোটাৰ প্ৰসংগক লৈ পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে সৰৱ চর্চা ৷ বিশেষকৈ বিজেপি চৰকাৰৰ দিনতে হিন্দু বাঙালী লোকক ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰা বুলি কংগ্ৰেছ নেতা তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মন্তব্য কৰাৰ পিচতেই বিষয়টো অধিক চৰ্চিত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি (Kamalakhya slams BJP over D voter) ৷

ডি ভোটাৰৰ নামত সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে ৷ এনে ক্ষেত্ৰত পুনৰ ডি ভোটাৰক লৈ চলিছে সৰৱ চর্চা ৷ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ডি ভোটাৰক লৈ বিজেপি চৰকাৰক দোষাৰোপ কৰাৰ চেষ্টা কৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sharma on D voter) ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰা এটা মন্তব্যৰ কথা উল্লেখ কৰি CAA ৰ পোষকতা কৰাৰ কথা উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই (Assam CAA) ৷ ‘কা’ প্ৰযোজ্য নোহোৱালৈকে ডি ভোটাৰৰ জাননী লাভ কৰাটো সাধাৰণ কথা বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ৷ ডি ভোটাৰ সৃষ্টিৰ বাবে কংগ্ৰেছ চৰকাৰেই জগৰীয়া বুলি পৰোক্ষভাৱে কটাক্ষ কৰে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই ৷ এই সন্দৰ্ভত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ৰূপক শৰ্মাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰে (Rupak Sharma slams Congress) ৷

বিধায়ক শৰ্মাই কয় যে, এতিয়া ডি ভোটাৰক লৈ মন্তব্য কৰা নেতাসকলৰ দিনতেই ডি ভোটৰ নামত হাৰাশাস্তি হৈছিল ৷ তেওঁলোকৰ দিনতেই ডি ভোটাৰৰ সৃষ্টি হোৱা বুলি পৰোক্ষভাৱে কংগ্ৰেছক সমালোচনা কৰে বিধায়ক ৰূপক শৰ্মাই ৷ আনকি কংগ্ৰেছ চৰকাৰৰ দিনৰ পাপ এতিয়া বিজেপিয়ে প্ৰায়চিত্ত কৰিবলগীয়া হোৱা বুলিও বিস্ফোৰক মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ৷ মুঠৰ ওপৰত এতিয়া পুনৰ ডি ভোটাৰৰ প্ৰসংগই গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি ৷

লগতে পঢ়ক: Drinking Water issue: স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ অপৰিস্কাৰ পানীৰে পিয়াহ পলুৱাইছে জনতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.