ETV Bharat / state

Eleven new roads in Nagaon: নগাঁৱত একেদিনাই এঘাৰটাকৈ পথৰ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 9:04 AM IST

Etv BharatEleven new roads in Nagaon
Etv Bharat এঘাৰটাকৈ পথৰ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱত একেদিনাই উদ্বোধন ১১ টাকৈ নৱনিৰ্মিত পথ । পথৰ শুভ উদ্বোধন কৰি বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ কথা উল্লেখ বিধায়ক ৰূপক শৰ্মাৰ । কংগ্ৰেছৰ কাৰ্যকালত জীয়ৰী-বোৱাৰী নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছিল বুলি মন্তব্য কৰে তেওঁ ৷

এঘাৰটাকৈ পথৰ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ৭ নৱেম্বৰ : সোমবাৰে একেদিনাই নগাঁৱৰ ১১ টাকৈ পথৰ শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নতুনকৈ পকীকৰণ কৰা ১১টাকৈ পথৰ উদ্বোধন কৰি শাসকীয় বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন হোৱা বুলি উল্লেখ কৰে বিধায়কজনে সংবাদ মাধ্যমৰ সন্মুখত ।

শাসকীয় দলটোৰ সফলতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে বিধায়ক ৰূপক শৰ্মাই । সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য । নগাঁৱতে কংগ্ৰেছৰ শাসন কালত সন্ধিয়া জীয়ৰী আৰু বোৱাৰী ওলাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল । চহৰ এলেকাতেই নিৰাপত্তাহীনতাত ভুগিছিল জীয়ৰী-বোৱাৰীয়ে । কিন্তু বিজেপি শাসনলৈ অহাৰ পিচৰ পৰা নগাঁৱত বৰ্তমান সেই পৰিৱেশ নাই। পুনৰ যাতে পূৰ্বৰ দিন ঘূৰি নাহে তাৰ বাবে নগাঁৱৰ ৰাইজ সচেতন হ’ব লাগিব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই ।

সমান্তৰালকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ভাই-ভাই, এটা পৰিয়াল আৰু এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলেই দুয়োটা দলৰ বিৰুদ্ধে কথা কয় কিন্তু নিৰ্বাচন আহিলেই একলগ হৈ পৰে । কংগ্ৰেছ আৰু এ আই ইউ ডি এফয়ে প্ৰতিটো নিৰ্বাচনে একেলগে অৱৰ্তীণ হয় ।

আনহাতে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্কিত মন্তব্যৰ ওপৰত বিধায়ক ৰূপক শৰ্মাই প্ৰতিক্ৰিয়া কৰি কয় "আমাৰ যুৱ প্ৰজন্মই নিজৰ পথাৰ আৰু হাল চিনি নাপায় । আমাৰ যুৱ প্ৰজন্মৰ কৰ্ম স্পৃহা আৰু সচেতন নোহোৱা বাবেই আজমলৰ দৰে ব্যক্তিয়ে এই ধৰণৰ মন্তব্য কৰিবলৈ সাহস পাইছে । আমি পথাৰো আমাৰ আৰু বজাৰো আমাৰ বুলি কওঁ কিন্তু এইবোৰ লাহে লাহে আমাৰ পৰা নোহোৱা হৈ গৈছে । আমাৰ দৈনন্দিন কামত তেওঁলোকে দখল দিব পাৰিছে । আমাৰ যুৱ প্ৰজন্ম আগুৱাই আহিলে আৰু কেতিয়াও আজমলৰ দৰে ব্যক্তিয়ে এই ধৰণে উপলুঙা কৰিবলৈ সাহস নাপাব ।

সোমবাৰে বিধায়ক ৰূপক শৰ্মাই পথ উদ্বোধন কৰা অনুষ্ঠানত নগাঁও পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰাকে আদি কৰি বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : FIR against Badruddin Ajmal at Tezpur : তেজপুৰত আজমলৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.