ETV Bharat / state

ভূপেন বৰাক কবিতা এৰি বিহু লিখিবলৈ পৰামৰ্শ বিধায়ক ৰূপক শৰ্মাৰ

author img

By

Published : Apr 5, 2022, 8:26 PM IST

mla-rupak-sarmah-reacts-on-apcc-president-bhupen-kumar-borahs-poem
ভূপেন বৰাৰ এজন ভাল কবি হ'বলৈ বহুত দিন বাকী আছে : ৰূপক শৰ্মা

কংগ্ৰেছৰ এতিয়া চৰকাৰ নাই । সেয়ে ভূপেন বৰাৰ হাতত আজৰি সময়ৰ অভাৱ নাই । ভূপেন বৰাই কেৱল কবিতাই নহয় বিহু লিখিবও পাৰিব । ভূপেন বৰাক এইবাৰ কবিতা এৰি বিহু লিখিবলৈ পৰামৰ্শ বিধায়ক ৰূপক শৰ্মাৰ (Rupak Sarmah advises Bhupen Bora to leave poetry and write Bihu)৷

নগাওঁ, 5 এপ্ৰিল : কংগ্ৰেছৰ এতিয়া কোনো কাম নাই । যাৰ বাবে কবিতা লিখিবলৈ সময় পায় । কিন্তু কামৰ স্বাৰ্থত বিজেপি বিধায়কক শুব নিদিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ ৰাজনীতিত যেন এতিয়া চলিছে কবিতাৰ যুগ । কবিতাৰে বিৰোধীক কটাক্ষ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইবাৰ উভতাই তীব্ৰ কটাক্ষ কৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Rupak Sarmah advises Bhupen Bora to leave poetry and write Bihu) ।

যিদৰে তেওঁৰ এতিয়াও ৰাজনীতি শিকিবলৈ বহুত দিন বাকী আছে ঠিক তেনেদৰে এজন ভাল কবি হ'বলৈও তেওঁৰ বহুত দিন বাকী আছে ৷ সেয়ে এইবাৰ কবিতা নহয়, বিহুৰ বতৰত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বিহু লিখিবলৈ পৰামৰ্শ দিলে বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই ।

ভূপেন বৰাৰ এজন ভাল কবি হ'বলৈ বহুত দিন বাকী আছে : ৰূপক শৰ্মা

বিধায়কগৰাকীয়ে ভূপেন বৰাৰ কবিতাৰ দাড়ি, কমা, আগ-গুৰি একো নাই বুলি কটাক্ষ কৰাৰ লগতে সমষ্টিৰ কবিসকলৰ পৰা টিউশ্যন লোৱাৰ বাবেও আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ।

বিধায়কগৰাকীয়ে লগতে কয় যে, "কংগ্ৰেছৰ এতিয়া চৰকাৰ নাই । সেয়ে ভূপেন বৰাৰ হাতত আজৰি সময়ৰ অভাৱ নাই । ভূপেন বৰাই কেৱল কবিতাই নহয় বিহু লিখিবও পাৰিব ।" কিন্তু বিজেপিৰ বিধায়কৰ হাতত সময়ৰ অভাৱ । কাৰণ ৰাজ্যৰ উন্নয়ণৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে নিজেও নুশুৱে আৰু মন্ত্ৰী-বিধায়ককো শুবলৈ নিদিয়ে এইবুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

আনহাতে, শীঘ্ৰেই নগাঁৱৰ মৰিকলং ৰেল লাইনৰ ওপৰত উৰণীয়া সেঁতুৰ কাম আৰম্ভ হোৱাৰ লগতে চহৰখনত হ'বলগীয়া কেইবাটাও অভিলাষী প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৰূপক শৰ্মাই ।

লগতে পঢ়ক : শীঘ্ৰেই অসমভূমিত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.