ETV Bharat / state

ভতিজা বোৱাৰীক অশ্লীল মেছেজ দি বিতৰ্কত সংখ্যালঘু নেতা

author img

By

Published : Jun 20, 2021, 7:33 PM IST

আবু বক্কৰ ছিদ্দিক, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক । সীমাহীন কু-কৰ্মত জড়িত থকাৰ অভিযুক্ত এইজন ছিদ্দিকে নিজকে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে সংখ্যালঘু সংগ্ৰাম পৰিষদক ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এইবাৰ এইজন বিতৰ্কিত নামধাৰী সংখ্যালঘু নেতাৰ পৰা ৰেহাই নাপালে খোদ ভতিজা বোৱাৰীয়েকে ।

minority-leader-named-in-sex-scam-at-rupohihat
ভতিজা বোৱাৰীক অশ্লীল মেছেজ দি বিতৰ্কত সংখ্যালঘু নেতা

ৰূপহীহাট, 20 জুন : পোহৰলৈ আহিছে এগৰাকী সংখ্যালঘু নেতাৰ কু-ৰ্কীতি ৷ নিজৰ ভতিজা বোৱাৰীয়েকক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে তথাকথিত সংখ্যালঘু নেতাগৰাকীৰ বিৰুদ্ধে । আৰক্ষী থানাত দাখিল কৰা হৈছে এজহাৰ । এইজন নেতাৰ বিৰুদ্ধে আছে সীমাহীন কু-কাৰ্য সংঘটিত কৰাৰো অভিযোগ । কেৰালাতো আছে হত্যাৰ গোচৰ । ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ এগৰাকী সংখ্যালঘু নেতা হিচাপে পৰিচিত এই গৰাকী সংখ্যালঘু নেতাহৈছে আবু বক্কৰ ছিদ্দিক ৷

উল্লেখযোগ্য যে, আবু বক্কৰ ছিদ্দিক হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক । সীমাহীন কু-কৰ্মত জড়িত থকাৰ অভিযুক্ত এইজন ছিদ্দিকে নিজকে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে সংখ্যালঘু সংগ্ৰাম পৰিষদক ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এইবাৰ এইজন বিৰ্তকিত নামধাৰী সংখ্যালঘু নেতাৰ পৰা ৰেহাই নাপালে খোদ নিজৰ ভতিজা বোৱাৰীয়েক। নিজৰ ভতিজা বোৱাৰীয়েক whatsapp ৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে এইজন আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ।

প্ৰথমেই ছিদ্দিকে whatsapp ৰ জৰিয়তে বোৱাৰীয়েকক প্ৰেৰণ কৰিছিল কেতবোৰ অশ্লীল ভিডিঅ’ । তাৰ পাচতে এটাৰ পাচতে এটা অশ্লীল ভিডিঅ’ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পৰিয়াটোৱে ৷ উল্লেখযোগ্য যে, বেলগক ন্যায় দিয়াৰ দিয়াৰ নামত টেঁটু ফালি জিন্দাবাদ মুর্দাবাদ কৰি প্ৰতিবাদ কৰি থকা থকা এইজন ছিদ্দিকৰ বিৰুদ্ধে ন্যায় বিচাৰি এতিয়া আৰক্ষী থানাৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো ৷ আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

যৌন কেলেংকাৰীত নাম সাঙোৰ খাইছে সংখ্যালঘু নেতাৰ

এয়াই শেষ নহয় ছিদ্দিকৰ কেলেংকাৰীৰ অধ্যায় । গৰু ছিণ্ডিগেটৰ পৰা আৰম্ভ কৰি লাঞ্চিত-বঞ্চিত লোকক ন্যায় প্ৰদানৰ নামতো দালালি কৰাৰ অভিযোগত অভিযুক্ত এইজন তথাকথিত নেতা আবু বক্কৰ ছিদ্দিক । বেংকৰ চিএছপি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে এইজন ছিদ্দিকৰ বিৰুদ্ধে ।

আনহাতে বিগত কিছুবছৰ পূৰ্বে কাম বিচাৰি কেৰালালৈ যোৱা এইজন ছিদ্দিকৰ বিৰুদ্ধে আছে হত্যাকাণ্ডৰ গোচৰ । এইজন ছিদ্দিকক বিচাৰি জুৰীয়া পাইছিল কেৰেলা আৰক্ষীৰ এটা দল । জালিয়াতিৰ অভিযোগত পূৰ্বে কেইবাবাৰো জেল হাজোতৰ ভাত খাইছে এইজন ছিদ্দিকে । বিভিন্নজনক প্ৰৱঞ্চনা কৰি অহা অহা এইজন আবু বক্কৰ ছিদ্দিক ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই বিধায়কগৰাকীৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি এইগৰাকী বিৰ্তকিত সংখ্যালঘু নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ চিৰাঙত পাঁচ হাজাৰ লোকক ক’ভিড ভেকচিন প্ৰদানৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.