ETV Bharat / state

Minister Keshab Mahanta at Kaliabor: মন্ত্ৰীৰ সন্মুখতেই ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

author img

By

Published : Mar 12, 2023, 8:34 PM IST

Slow speed in construction of four lane road
চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতি

কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিত অতিষ্ঠ ৰাইজ । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত কলিয়াবৰত চাৰিলেনযুক্ত পথৰ কাম পৰিদৰ্শন স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তৰ (Minister Keshab Mahanta)।

চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতি

কলিয়াবৰ, ১২ মাৰ্চ: নগাঁও জিলাৰ কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতি (Slow speed in construction of four lane road)। এই চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতি হোৱাত ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে । কাৰিকৰী বিসংগতিৰে নিৰ্মাণ চলি থকাৰ ফলত জ্বলা-কলা খাইছে পথাচাৰীয়ে । স্থানীয় ৰাইজে এশ এবুৰি অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে । স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তই দেওবাৰে এই নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰাৰ সময়তেই ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

স্থানীয় ৰাইজে এই সন্দৰ্ভত স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তক কেইবাবাৰো অভিযোগ উত্থাপন কৰিছে । ৰাইজৰ এই অভিযোগৰ ভিত্তিত কলিয়াবৰত চাৰিলেনযুক্ত পথৰ কাম পৰিদৰ্শন কৰিলে স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta inspects four lane road work)। এই পৰিদৰ্শনৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক ডিভাইডাৰ নিৰ্মাণ,পথ মেৰামতিৰ নিৰ্দেশ, পথ ক্ৰ'ছিং সমূহো ঠিক কৰাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্তই (NHIDCL)। দীৰ্ঘদিন ধৰি চাৰিলেনযুক্ত পথ নিৰ্মানৰ সময়ত বহু অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয়লোক তথা পথাচাৰী ।

কলিয়াবৰত অপৰিকল্পিতভাৱে চাৰিলেনযুক্ত পথ নিৰ্মাণক কেন্দ্ৰ কৰি ৰাইজৰ অসন্তুষ্টি অব্যাহত আছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক চমুকৈ NHIDCLৰ অদূৰদৰ্শিতাৰ বাবেই বিগত বছৰসমূহত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে । ইয়াকে লৈ প্ৰতিবাদ অব্যাহত আছে কলিয়াবৰত । কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত ব্যাপক আসোঁৱাহৰ অভিযোগ কলিয়াবৰৰ সচেতন মহলৰ।

উল্লেখ্য় যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ফ'ৰলেনযুক্ত পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়াৰ পিচতো নগাঁৱত অতি লেহেমীয়া গতিৰে নিৰ্মাণকাৰ্য চলি আছে (Union Minister Nitin Gadkari)। কিছুদিন পূৰ্বে গুৱাহাটীৰ এক পৰ্যালোচনা বৈঠকত মন্ত্ৰী নীতিন গাডকাৰীয়ে এই পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছিল । কিন্তু ইয়াৰ পিছতো এই নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই ।

লগতে পঢ়ক:Mahila Congress Protest in GUwahati : সদনত কুইন ওজাৰ নীৰৱ ভূমিকাৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.