ETV Bharat / state

আকাশৰ পৰা নামি অহা নাই বেদখলকাৰী; নিজৰ স্থানলৈ গুচি যাওক তেওঁলোক : বিমল বৰা

author img

By

Published : Sep 30, 2021, 9:36 PM IST

minister bimal bora on encrochers
আকাশৰ পৰা নামি অহা নাই বেদখলকাৰী গতিকে নিজৰ স্থানলৈ গুচি যাওক তেওঁলোক : বিমল বৰা

বেদখলকাৰী সন্দৰ্ভত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কৰা মন্তব্যক সঁহাৰি জনালে মন্ত্ৰী বিমল বৰাই । মন্ত্ৰী বৰাৰ মতে বেদখলকাৰীক উচ্ছেদ কৰিব লাগিবই, তাত বেলেগ কোনো অন্য কথা নাই বুলিও কয় তেওঁ ।

চামগুৰি, 30 ছেপ্টেম্বৰ : বেদখলকাৰী সন্দৰ্ভত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কৰা মন্তব্যকে যেন সঁহাৰি জনালে মন্ত্ৰী বিমল বৰায়ো । নগাঁও জিলাৰ পুৰণিগুদামত অনুষ্ঠিত ৰাষ্ট্ৰীয় পোষণ মাহৰ আধাৰত অনুষ্ঠিত শিশু মংগল দিৱস উদযাপন অনুষ্ঠানত ভাগ লৈ বুধবাৰে মন্ত্ৰী বিমল বৰাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰে দেখা গ’ল । মন্ত্ৰী বৰাৰ মতে বেদখলকাৰীক উচ্ছেদ কৰিব লাগিবই, তাত বেলেগ কোনো অন্য কথা নাই বুলিও কয় তেওঁ ।

আকাশৰ পৰা নামি অহা নাই বেদখলকাৰী :নিজৰ স্থানলৈ গুচি যাওক তেওঁলোক : বিমল বৰা

ইফালে, উপ-নিৰ্বাচনত পাচোঁটা সমষ্টিয়ে বিজেপিৰ হাতত থাকিব বুলি জনোৱাৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী বিমল বৰাই । মিছা কথাৰে দল হয় নেকি ? কাজিৰঙাৰ উচ্ছেদৰ সময়ত অখিল গগৈয়ে কাৰ হৈ মাত মাতিছিল বুলি বহু কেইটা প্ৰশ্নৰ উত্থাপন কৰে মন্ত্ৰী বিমল বৰাই । শেহতীয়াকৈ নাহৰকটীয়াৰ চাচনীত সংঘটিত লজ্জানত কাণ্ডৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই মন্ত্ৰী বিমল বৰায়ে ।

ইয়াৰ লগতে, বেদখলকাৰী লোক সকলৰ নিজস্ব কোনো জন্মস্থান আছে ৷ আকাশৰ পৰা সেইসকল লোক নামি অহা নাই গতিকে নিজৰ স্থানলৈ সেই সকল লোক ঘূৰি যাব লাগে বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : অতি শীঘ্ৰে বেদখলমুক্ত হ'ব কলং : ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.