ETV Bharat / state

পিঁয়াজৰ বৰ্ধিত মূল্যঃ কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ

author img

By

Published : Dec 1, 2019, 9:34 AM IST

শনিবাৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু যোগান বিভাগৰ সহযোগত পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে অনুষ্ঠিত কৰা হয় এখন বিশেষ সভা ৷ উক্ত সভাতে বিক্ৰেতাসকলৰ সৈতে যোগান বিভাগৰ হোৱা আলোচনাৰ অন্তত পিঁয়াজৰ খুচুৰা মূল্য শনিবাৰ আৰু দেওবাৰৰ বাবে প্ৰতি কেজিত ৭৮ টকাকৈ নিৰ্দ্ধাৰণ কৰা হয় ৷

Meeting to Control Onion Price Hike at Kaliabor
পিঁয়াজৰ বৰ্ধিত মূল্যঃকলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ

কলিয়াবৰ, 1 ডিচেম্বৰঃ পিঁয়াজৰ অনিয়ন্ত্ৰিত মূল্যৰোধত চৰমভাৱে ব্যৰ্থ ৰাজ্যৰ যোগান বিভাগ ৷ কিন্তু ইয়াৰ বিপৰীতে কলিয়াবৰত যোগান বিভাগক লগত লৈ কলিয়াবৰ মহকুমা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ ৷ শনিবাৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত তথা যোগান বিভাগৰ সহযোগত পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে অনুষ্ঠিত কৰা হয় এখন বিশেষ সভা ৷ কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ জখলাবন্ধা, আমবাগান, চুলোং আদি ঠাইৰ পাইকাৰী বিক্ৰেতাৰ লগতে সুলভ মূল্য আৰু আমাৰ দোকানৰ বিক্ৰেতাসকল ৷

কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ

উক্ত সভাতে বিক্ৰেতাসকলৰ সৈতে যোগান বিভাগৰ হোৱা আলোচনাৰ অন্তত পিঁয়াজৰ খুচুৰা মূল্য শনিবাৰ আৰু দেওবাৰৰ বাবে প্ৰতি কেজিত ৭৮ টকাকৈ নিৰ্দ্ধাৰণ কৰা হয় ৷ আৰু তাৰ পৰৱৰ্তী দুদিনৰ বাবে প্ৰতি কেজিত ৮০ টকাকৈ নিৰ্দ্ধাৰণ কৰা হয় ৷ আনহাতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পিঁয়াজৰ বজাৰ মূল্য অনুসৰি খুচুৰা বিক্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব বুলি যোগান বিভাগে জনায় ৷

আৰু পঢ়ক- বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন

Intro:পাচলিৰ ৰজা আলুক সিংহাসচ‍্যুত কৰি পিঁয়াজৰ জয়-জয়কাৰ

সাধাৰণ ৰাইজৰ হাহাকাৰ

পিঁয়াজৰ অনিয়ন্ত্ৰিত অৱৰোহণ নিয়ন্ত্ৰণত ব‍্যৰ্থ‍্য ৰাজ‍্যৰ যোগান বিভাগBody:কলিয়াবৰত পিঁয়াজৰ মূল‍্য নিয়ন্ত্ৰণৰ বাবে যোগান বিভাগক লগত লৈ মহকুমা প্ৰশাসনৰ বিশেষ সভা

সমাধান সূত্ৰ বিচাৰি আলোচনা পিঁয়াজৰ পাইকাৰী বিক্ৰেতা আৰু আমাৰ দোকানৰ বিক্ৰেতাৰে

ৰাজ‍্য পিঁয়াজৰ অনিয়ন্ত্ৰিত মূল‍্যৰ বিপৰীতে ৰাজ‍্যৰ যোগান বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। সেই সময়তে কলিয়াবৰ মহকুমা প্ৰশাসনে লৈছে বিশেষ উদ‍্যোগ।
শণিবাৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত যোগান বিভাগৰ সহযোগত পিঁয়াজৰ আকশলঙ্ঘী মূল‍্য নিয়ন্ত্ৰণৰ বাবে এক বিশেষ সভা অনুষ্ঠিত হয়। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ জখলাবন্ধা, আমবাগান, চুলোং আদি ঠাইৰ পাইকাৰী বিক্ৰেতাৰ লগতে সুলভ মূল‍্যৰ আমাৰ দোকানৰ বিক্ৰেতাসকল উপস্থিত থাকে। আলোচনাৰ অন্তত পিঁয়াজৰ খুচুৰা মূল‍্য শণিবাৰ আৰু দেওবাৰৰ বাবে প্ৰতি কেজিত ৭৮ টকাকৈ নিৰ্দ্ধাৰণ কৰা হয়। তাৰ পিচৰ দুদিনৰ বাবে প্ৰতি কেজিত ৮০ টকাকৈ নিৰ্দ্ধাৰণ কৰা হয়। তাৰ পিচৰ পৰ্য‍্যায়ত পিঁয়াজৰ বজাৰ মূল‍্য অনুসৰি খুচুৰা বিক্ৰীৰ মূল‍্য নিৰ্দ্ধাৰণ কৰা হ'ব বুলি যোগান বিভাগে জনায়।
অৱশ‍্যে প্ৰশাসনৰ এই নিৰ্দেশনা খুচুৰা বিক্ৰেতাসকলে পালন কৰে সি হ'ব লক্ষণীয়।
Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.