ETV Bharat / state

Love Jihad Case: হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই যুৱতীক পলুৱাই নিলে মুছলমান যুৱকে

author img

By

Published : Mar 11, 2023, 8:56 PM IST

Muslim youth drives Hindu girl into love trap
হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই যুৱতীক পলুৱাই নিলে মুছলমান যুৱকে

প্ৰেম কৰোঁতে সাৱধান হওক ৷ হিন্দু নামেৰে ভুৱা ফেচবুক একাউণ্ট খুলি মুছলমান সম্প্ৰদায়ৰ যুৱকে কেৰালালৈ পলুৱাই লৈ গ’ল হিন্দু যুৱতীক (Muslim youth drives Hindu girl)৷

হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই যুৱতীক পলুৱাই নিলে মুছলমান যুৱকে

নগাঁও, 11 মাৰ্চ: ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে (Love Jihad Case)৷ এইবাৰ নগাঁও জিলাৰ এগৰাকী যুৱতীক ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই পলুৱাই লৈ যায় মুছলমান যুৱকে (Muslim youth drives Hindu girl) ৷ শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে এক অভিযান চলাই ভুক্তভোগী যুৱতীগৰাকীক কেৰালাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (young girl recovered in Kerala) ৷

ঘটনাৰ বিৱৰণী অনুসৰি চামগুৰি লাইলুৰীৰ ৰমিজুল ইছলাম নামৰ যুৱকজনে ফেচবুকত নিজৰ পৰিচয় সলাই মুন্না গগৈ নামেৰে এটা একাউণ্ট খুলি এগৰাকী হিন্দু যুৱতীৰ সৈতে বন্ধুত্ব স্থাপন কৰে (love jihad case in Nagaon)৷ সময়ৰ লগে লগে বন্ধুত্বই প্ৰেমলৈ পৰিৱৰ্তিত হয় ৷ দিন বাগৰি যোৱাৰ লগে লগে দুয়োয়ে নিজৰ সম্পৰ্কক সামাজিক স্বীকৃতি দিবলৈ পৰিকল্পনা কৰে ৷

সেই পৰিকল্পনা অনুসৰি বিগত দুমাহৰ পূৰ্বে ৰমিজুল ওৰফে মুন্নাই যুৱতীগৰাকীক পলুৱাই লৈ কেৰালালৈ গুচি যায় ৷ তাৰ পিচত কেৰালাতে দুয়ো বিবাহপাশত আৱদ্ধ হৈ আত্মগোপন কৰি থাকে ৷

ইফালে যুৱতীগৰাকীৰ ঘৰত কন্যা নিখোজ হোৱা ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰে ৷ লগে লগে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধানত ৪ মাৰ্চত হয়বৰগাঁও আৰক্ষীৰ সহযোগত কেৰালাত এক অভিযান চলায় ৷

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীৰ দলটোৱে কেৰালাৰ এখন গাঁৱৰ পৰা দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ দিনাই অভিযুক্ত ৰমিজুল ইছলামকো আটক কৰিবলৈ সক্ষম হয় (Haibargaon Police arrested accused)।

পিচত আদালতত হাজিৰ কৰিবলৈ নিয়াৰ পথতেই আৰক্ষীৰ বাহনৰ পৰা ৰমিজুলে পলায়নৰ চেষ্টা কৰিছিল যদিও পলাবলৈ সক্ষম নহ’ল ৷ পলাবলৈ চেষ্টা কৰি নিজেই আঘাতপ্ৰাপ্ত হয় ৰমিজুল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰমিজুলক কেৰালাৰ চিকিৎসালয়তে ভৰ্তি কৰিছিল ।

শনিবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীলৈ অনা হয় ৰমিজুলক । হয়বৰগাঁও আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ হোৱা যুৱতীগৰাকীক আদালতত হাজিৰ কৰিছে যদিও যুৱকজনক সোধা পোছা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । জেৰাৰ অন্তত অভিযুক্ত যুৱকজনক নগাঁও আদালতত হাজিৰ কৰিব হয়বৰগাঁও আৰক্ষীয়ে ৷

লগতে পঢ়ক: Jorhat murder case: তৰুণ দাসৰ পৰিয়ালক আজিও দিয়া নহ'ল মৃত্যুৰ প্ৰমাণপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.