Lok kalyan Divas: কংগ্ৰেছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে একোৱেই নকৰিলে: কেশৱ মহন্ত

author img

By

Published : Aug 5, 2022, 9:32 PM IST

Lok Kalyan Divas observed in Nagaon

গোপীনাথ বৰদলৈ অসমীয়া জাতিৰ পিতা । জাতিৰ পিতাগৰাকীৰ বাবে কংগ্ৰেছে গোপীনাথ বৰদলৈৰ বাবে একো নকৰিলে ৷ নগাঁৱত আয়োজিত লোক কল্যান দিৱসত (Lok Kalyan Divas observed in Nagaon) উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ।

নগাঁও, 5 আগষ্ট : ‘‘কংগ্ৰেছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে একোৱেই নকৰিলে । গোপীনাথ বৰদলৈক প্ৰথম মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰা হৈছিল বাজপেয়ী চৰকাৰৰ আমোলত । তেতিয়া অসমত গণ পৰিষদৰ চৰকাৰ আছিল । শুকুৰবাৰে নগাঁও জিলা পুথিভঁৰালত আয়োজিত লোক কল্যাণ দিৱসত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta in Nagaon) ৷

কংগ্ৰেছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে একোৱেই নকৰিলে : কেশৱ মহন্ত

লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘গোপীনাথ বৰদলৈ অসমীয়া জাতিৰ পিতা স্বৰূপ । তেওঁ নথকা হ’লে আমি আজি পূৱ-পাকিস্তানৰ বাসিন্দা হ’লোহেতেন । গতিকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত গোপীনাথ বৰদলৈৰ সোঁৱৰণত লোক কল্যাণ দিৱস উদযাপন কৰা হৈছে’’ (Lok Kalyan Divas observed in Nagaon) ।

Lok Kalyan Divas observed in Nagaon
কংগ্ৰেছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে একোৱেই নকৰিলে : কেশৱ মহন্ত

উল্লেখ্য যে, নগাঁৱত আয়োজিত এই অনুষ্ঠানতে 5 গৰাকী চৰকাৰী কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয় । শুকুৰবাৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহ আৰু কেবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : Lok kalyan Divas: মৰিগাঁৱত লোক কল্যাণ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.