Lok kalyan Divas: মৰিগাৱঁত লোক কল্যাণ দিৱস উদযাপন

author img

By

Published : Aug 5, 2022, 7:50 PM IST

Nagaon

মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ এই লোক কল্যাণ দিৱসৰ সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ পাতৰ, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া উপস্থিত থাকে (Lok Kalyan Divas observed in Morigaon) ।

ধিং, ৫ আগষ্ট : আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যাক মৃত্যু বাৰ্ষিকী (Gopinath Bordoloi Death Anniversary) উপলক্ষে প্ৰথম বাৰ্ষিক 'লোক কল্যাণ দিৱস' (Lok Kalyan Day) উদযাপন কৰা হয় । উল্লেখ্য, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ । স্বাধীনতা সংগ্ৰামী গোপীনাথ বৰদলৈয়ে নিজৰ বিচক্ষণতা, পাণ্ডিত্য আৰু দূৰদৰ্শিতাৰে ইংৰাজে গ্ৰুপিং পদ্ধতিৰে ভাৰতক বিভাজন কৰি অসমক পূৰ্ব বংগ বা পূব পাকিস্তানৰ লগত চামিল কৰাৰ যি ষড়যন্ত্ৰ ৰচিছিল সেয়া মষিমূৰ কৰি অসমীয়া জাতিক ৰক্ষা কৰিছিল ।

মৰিগাঁৱত লোক সেৱা বঁটা প্ৰদান
মৰিগাঁৱত লোক সেৱা বঁটা প্ৰদান

তেখেতৰ কৰ্ম জীৱনৰ দৰ্শন, জাতিৰ প্ৰতি থকা প্ৰেম আৰু দায়িত্ববোধক প্ৰতিজন ব্যক্তিয়েই শ্ৰদ্ধাৰে সোঁৱৰে । এইগৰাকী পুৰোধা ব্যক্তিৰ পুণ্য তিথিতে এইবাৰৰ পৰা অসম চৰকাৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তথা তেওঁৰ আদৰ্শৰাজি ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে লোক কল্যাণ দিৱস পালনৰ আয়োজন কৰিছে (Lok Kalyan Divas by Assam Government) ।

মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ এই লোক কল্যাণ দিৱসৰ সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ পাতৰ, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া উপস্থিত থাকে (Lok Kalyan Divas observed in Morigaon) ।

মৰিগাঁৱত লোক সেৱা বঁটা প্ৰদান
মৰিগাঁৱত লোক সেৱা বঁটা প্ৰদান

লগতে মৰিগাঁও কলেজৰ অধ্যক্ষ ড. লীলাকান্ত বৰঠাকুৰ, ৰাজনীতি বিজ্ঞান বিষয়ৰ সহকাৰী অধ্যাপক ড. বুধেন চন্দ্ৰ শইকীয়া, মিলেশ্বৰ পাতৰ, ডালিম ফুকন, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা সাহিত্য সভাৰ সদস্যসকল, সাংবাদিকসকল, লোক সেৱা বঁটাপ্ৰাপক মৈৰাবাৰীস্থিত অগ্নি আৰু আপদকালীন সেৱা বাহিনীৰ কংকন কলিতা, উদৰী ৰাজ্যিক চিকিৎসালৰ লেবৰেটৰী টেকনিচিয়ান অনিল হাজৰিকা, বিভিন্ন অনুষ্ঠানৰ বিশিষ্ট ব্যক্তিসকল, জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

উল্লেখ্য, মাজুলীত অনুষ্ঠিত লোক কল্যাণ দিৱস অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কৃষি, পশুপালন, সীমা সুৰক্ষা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা (Minister Atul Bora in Majuli Lok Kalyan Divas programme) । লোক কল্যাণ দিৱসত উপস্থিত থাকি ৰাজ্যৰ মন্ত্ৰী অতুল বৰাই কয়ে, "আজিৰ দিনতো এক স্মৰণীয় দিন ।"

লগতে পঢ়ক :Lok Kalyan Divas: লোক কল্যাণ দিৱস উপলক্ষ্যে মাজুলীত লোকসেৱা পুৰস্কাৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.