ETV Bharat / state

নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

author img

By

Published : Jun 14, 2021, 10:10 AM IST

দেওবাৰে নিশা ৰাঙলু আৰক্ষী আৰু কঠিয়াতলীৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ ৰাঙলুৰ জাকিৰ হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা জব্দ হোৱা কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷

নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

বঢ়মপুৰ,14 জুন : নগাঁৱৰ ৰাঙলু মিকিৰৰপাৰত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ দেওবাৰে নিশা ৰাঙলু আৰক্ষী আৰু কঠিয়াতলীৰ বন বিভাগৰ সহযোগত চলা এক অভিযানত জব্দ হৈছে চোৰাং কাঠখিনি ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাঙলুৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ বাসগৃহৰ পৰা আৰক্ষী আৰু বন বিভাগৰ লোকে জব্দ কৰিছে চোৰাং কাঠখিনি ৷ জব্দ হোৱা চোৰাং কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷

নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

চোৰাং কাঠবোৰ কাৰ্বি আংলঙৰ পৰা সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ কৰিছে বন বিভাগৰ লোকে ৷ আনহাতে, চোৰাং কাঠৰ ব্যৱসায়ত জড়িত বুলি সন্দেহ কৰা জাকিৰ হুছেইন নামৰ ব্যক্তিজন সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

লগতে পঢ়ক: ড্ৰাগছসহ সৰবৰাহকাৰীক আটক বটদ্ৰৱা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.