ETV Bharat / state

অসমত প্ৰায় ১ কোটি ৪০ লাখ ভেকচিন দিয়া হৈছে : স্বাস্থ্য মন্ত্ৰী

author img

By

Published : Aug 16, 2021, 6:04 PM IST

Keshab Mahanta Reaction on Covid situation
ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া

"সামগ্ৰিকভাৱে অসমত ক'ভিড পৰিস্থিতি(Covid Situation) উন্নত হৈছে । আন্তঃজিলা যাতায়াত স্বাভাৱিক কৰা সন্দৰ্ভত আলোচনা অব্যাহত আছে । বৰ্তমানলৈ অসমত ক'ভিড-১৯(Covid-19)ৰ ১ কোটি ৪০ লাখ ভেকচিন(Vaccine) প্ৰদান কৰা হৈছে" । এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ৰ ।

কলিয়াবৰ, ১৬ আগষ্ট : ক'ভিড পৰিস্থিতি(Covid Situation)ৰে মোকাবিলা কৰিবলৈ শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় আন বহু সা-সুবিধা লাভ কৰিব অসমে । দেওবাৰে কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব‍্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ই ।

অসমত প্ৰায় ১ কোটি ৪০ লাখ ভেকচিন দিয়া হৈছেঃ স্বাস্থ্য মন্ত্ৰী

তেওঁ জানিবলৈ দিয়া মতে, সামগ্ৰিকভাৱে অসমত ক'ভিড পৰিস্থিতি(Covid Situation) উন্নত হৈছে । ক'ভিড-১৯(Covid-19)ৰ সংক্ৰমণৰ হাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে । সমান্তৰালকৈ ৰাজ্যত হ্ৰাস পাইছে মৃত্যুৰ হাৰ । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে ৰাজ্যত প্ৰায় ১ কোটি ৪০ লাখ লোকক ক'ভিড-১৯(Covid-19)ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

আনহাতে, আন্তঃজিলা যাতায়াত সন্দৰ্ভত তেওঁ কয় যে, এই বিষয়ত আলোচনা অব্যাহত আছে । আন্তঃজিলা যাতায়াত স্বাভাৱিক হোৱাৰ কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনাব বুলি তেওঁ মন্তব্য কৰে । ইফালে, আন্তঃজিলা যাতায়ত স্বাভাৱিক হোৱাৰ লগে-লগে যান-বাহনসমূহৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি প্ৰয়োজ্য হ'ব নে নাই সেই সম্পৰ্কে এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক:হোজাইত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত স্বাধীনতা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.