ETV Bharat / state

হোজাইত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত স্বাধীনতা দিৱস পালন

author img

By

Published : Aug 16, 2021, 10:49 AM IST

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে দেওবাৰে হোজাইতো পালন কৰা হ'ল ৭৫ সংখ্যক স্বাধীনতা দিৱস(Independence day) । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হোজাই শাখাৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন কৰা হয় ।

Independence day celebrated at Hojai
হোজাইত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত স্বাধীনতা দিৱস পালন

হোজাই, ১৬ আগষ্ট: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হোজাই জিলাতো ৭৫ সংখ্যক স্বাধীনতা দিৱস(Independence day) পালন কৰা হয় । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হোজাই শাখাৰ উদ্যোগত স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । দেশবন্ধু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী ভৱনত স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ, চি আৰ পি এফ, আৰক্ষী, স্বাস্থ্যকৰ্মী আদি উপস্থিত থাকে । বন্তি প্ৰজ্বলন কৰি স্বাধীনতা আন্দোলনত দেশৰ হকে প্ৰাণ আহুতি দিয়া সাহসী মুক্তিযুঁজাৰুক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

ইয়াৰ পাছতে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তি সম্বৰ্ধনা জনোৱা হয় । স্বাধীনতা দিৱস উপলক্ষে স্বৰ্ণ জয়ন্তী ভৱন প্ৰাংগন সুন্দৰকৈ সজাই তোলা হয় । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আবেলি এক সাংস্কৃতিক অনুষ্ঠানৰো আয়জন কৰা হয় । আনহাতে, দেওবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰতো কেন্দ্ৰীয় ভাৱে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷

দেওবাৰে পুৱা ৯ বজাত শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত সাদনেক সিঙে ৷ এই অনুষ্ঠানটিত হোজাই জিলাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অসম আৰক্ষী আৰু এন চি চিয়ে কুচকাৱাজ প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক:ৰূপহীহাটত নিশা পৰ্যন্ত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.