বিজেপি চৰকাৰক দিন ডকাইত আখ্যা কমল কুমাৰ মেধিৰ

author img

By

Published : Aug 19, 2021, 10:07 PM IST

kamal-kumar-medhi-criticize-bjp-government
বিজেপি চৰকাৰক দিন ডকাইত আখ্যা কমল কুমাৰ মেধিৰ ()

এ আই ইউ ডি এফ(AIUDF)ক লগত ৰাখিলে No where হ'ব কংগ্ৰেছ ৷ অসমত হ'বলগীয়া উপ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ’লে দিব লাগিব উমৈহতীয়া প্ৰাৰ্থী ৷ এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে ৷

নগাঁও, 19 আগষ্ট: এইবাৰ কংগ্ৰেছক উভতি ধৰিলে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে ৷ বুধবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীয়ে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ৷ নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এ আই ইউ ডি এফ(AIUDF)ক লগত ৰাখিলে ন' হোৱেৰ(No where)হ'ব কংগ্ৰেছ ৷ অসমত হ'বলগীয়া উপ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হলে দিব লাগিব উমৈহতীয়া প্ৰাৰ্থী ৷

আনহাতে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ৰাইজৰ দল পূৰ্বৰ স্থিতিত অটল বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ লগতে ৰাজ্যৰ বিজেপি চৰকাৰক কটাক্ষ কৰি কমল কুমাৰ মেধিয়ে বিজেপি চৰকাৰখন দিন ডকাইতত পৰিণত হোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ৷ লগতে তেঁও কয় যে, দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰে সাধাৰণ লোকক মাধমাৰ শোধাইছে বৰ্তমানৰ চৰকাৰখনে ৷ ক'ভিড-19 ৰ নামত ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নতুন এছ অ পি এতিয়া সাধাৰণ জনতাৰ বাবে সন্ত্ৰাসত পৰিণত হৈছে ৷

বিজেপি চৰকাৰক দিন ডকাইত আখ্যা কমল কুমাৰ মেধিৰ

ইয়াৰ লগতে ক'ভিড-19 ৰ নামত বৃহৎ লোকচানৰ সন্মুখীন হোৱা ক্ষুদ্ৰ ব্যৱসায়ী,সাধাৰণ লোকক ক্ষতিপূৰণ নিদিয়াক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে নগাঁৱত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে নগাঁৱত বিজেপিৰ বিৰুদ্ধে ৰাইজৰ দলক শক্তিশালী কৰা সন্দৰ্ভত দলীয় কৰ্মীৰে আলোচনা কৰে কমল কুমাৰ মেধিয়ে ৷ ইপিনে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ মন্তব্য সন্দৰ্ভত বিজেপিৰ পৰা নিলম্বিত নেতাৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়কঃ জীৱনৰ আদিপাঠ আৰম্ভ কৰা বিদ্যালয়খনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.