ETV Bharat / state

কলিয়াবৰৰ মিছাত শোকাবহ পথ দুৰ্ঘটনাঃ নিহত ছাত্ৰী

author img

By

Published : Sep 23, 2019, 11:46 PM IST

কলিয়াবৰৰ মিছাৰ পৰা নিজৰিৰ নিজ ঘৰলৈ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত একে দিশৰে পৰা আহি থকা ট্ৰাকে খুন্দিয়ালে মটৰ চাইকেল ৷ ফলত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী ৷

কলিয়াবৰৰ মিছাত শোকাবহ পথ দুৰ্ঘটনা

মিছা, 23 ছেপ্টেম্বৰঃ কলিয়াবৰৰ মিছাত শোকাবহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী ছাত্ৰী ৷ প্ৰাপ্ত তথ্য মতে, কলিয়াবৰৰ মিছাৰ পৰা নিজৰিৰ নিজ ঘৰলৈ AS-02U-9107 নম্বৰৰ মটৰ চাইকেলেৰে প্ৰিয়ংকা কিণ্ড আৰু লোৰেন্স এক্কা নামৰ যুৱক যুৱতীহালে আহি আছিল ৷ আহি থকা অৱস্থাতে একে দিশেৰে গৈ থকা AS-23AC-0333 নম্বৰৰ এখন ট্ৰাকে পিছফালৰ পৰা মটৰ চাইকেলখনত প্ৰচণ্ড খুন্দা মাৰে যাৰ ফলত যুৱতী গৰাকী থিতাতে নিহত হয় ৷ নিহত প্ৰিয়ংকা কিণ্ড বামুনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে ৷

কলিয়াবৰৰ মিছাত শোকাবহ পথ দুৰ্ঘটনা

মিছা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে ততাতৰীয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও প্ৰিয়ংকা কিণ্ডক মৃত ঘোষণা কৰাৰ বিপৰীতে লোৰেন্স এক্কাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । সম্প্ৰতি মিছা আৰক্ষীয়ে প্ৰিয়ংকা কিণ্ডক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰিছে ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাকখন পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও কলিয়াবৰ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক মহম্মদ ৰজত আলী আনচাৰীক গ্ৰেপ্তাৰ কৰে ।

Intro:কলিয়াবৰৰ মিছাত শোকাবহ পথ দুৰ্ঘটনা

ঘটনাস্থলীতে নিহত হয় এগৰাকী ছাত্ৰী

মটৰচাইকেলেৰে নিজ ঘৰলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাৰ বলি হয় এগৰাকী স্কুলীয়া ছাত্ৰীBody:কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰী নিহত।
সোমবাৰে কলিয়াবৰৰ মিছাৰ পৰা নিজৰিৰ নিজা ঘৰলৈ বুলি প্ৰিয়ংকা কিণ্ড আৰু লোৰেন্স এক্কা নামৰ যুৱক যুৱতীহালে এ. এছ. ০২ ইউ. ৯১০৭ নম্বৰৰ মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত একে দিশেৰে গৈ থকা এ. এচ. ২৩ এ. চি. ০৩৩৩ নম্বৰৰ ট্ৰাকখনে পিছফালৰ পৰা মটৰ চাইকেলখনত খুন্দা মৰাৰ ফলত বাইক আৰোহী প্ৰিয়ংকা কিণ্ড নামৰ যুৱতীগৰাকী থিতাতে নিহত হয়। নিহত প্ৰিয়ংকা কিণ্ড বামুনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাকখন পলায়ন কৰে যদিও কলিয়াবৰ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক ম: ৰজত আলী আনচাৰীক গ্ৰেপ্তাৰ কৰে।
আনহাতে মিছা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও প্ৰিয়ংকা কিণ্ডক মৃত ঘোষণা কৰাৰ বিপৰীতে লোৰেন্স এক্কাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। সম্প্ৰতি মিছা আৰক্ষীয়ে প্ৰিয়ংকা কিণ্ডক মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰিছে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.