ETV Bharat / state

IPS আনন্দ মিশ্ৰৰ সফল নেতৃত্বত 2021 বৰ্ষত উজলি উঠিল নগাঁও আৰক্ষী

author img

By

Published : Dec 31, 2021, 9:09 PM IST

নগাঁৱৰ অপৰাধ জগতত হাহাকাৰ ৷ বছৰটোত অপৰাধীৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ আনন্দ মিশ্ৰ বাহিনীৰ (Ananda Mishra's team against crime in Nagaon) ৷ জব্দ ত্ৰিশ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ ৷ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক গুলীচালনা, মুঠ 11 টা গুলীচলনাৰ ঘটনা সংঘটিত হৈছে নগাঁৱত ৷ গ্ৰেপ্তাৰ হৈছে ৫৫৪ জন ড্ৰাগছ সৰবৰাহকাৰী ৷

ips-ananda-mishra-being-successful-in-nagaon
IPS আনন্দ মিশ্ৰৰ সফল নেতৃত্বত 2021 বৰ্ষত উজলি উঠিল নগাঁও আৰক্ষী

নগাঁও, 31 ডিচেম্বৰ : কিছুদিন পূৰ্বলৈকে অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱৰ অপৰাধ জগতত হাহাকাৰ লগাবলৈ সক্ষম হৈছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(IPS Ananda Mishra in Nagaon)ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই । ভাল, বেয়া, সফলতা, বিফলতাৰ মাজেৰে পাৰ হৈ যোৱা ২০২১ বৰ্ষত নগাঁৱৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

২০২১ চনত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান(Anti drugs mission by Nagaon police) চলাই ত্ৰিশ কোটিৰো অধিক টকাৰ ব্ৰাউন চুগাৰ, হেৰ'ইনকে ধৰি বিভিন্ন নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছে । ড্ৰাগছ সংক্ৰান্তীয় গোচৰত ৫৫৪ জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

IPS আনন্দ মিশ্ৰৰ সফল নেতৃত্বত 2021 বৰ্ষত উজলি উঠিল নগাঁও আৰক্ষী

ড্ৰাগছ সংক্ৰান্তত ৰুজু হৈছে ২৫৮ টা গোচৰ । ইয়াৰে ২৩০ টা গোচৰৰ অভিযোগনামাও আদালতত দাখিল কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । ইয়াৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হপকিন্সনক গ্ৰেপ্তাৰ কৰাটো নগাঁও আৰক্ষীৰ বাবে আন এক বৃহৎ সফলতা । নগাঁৱৰ বিভিন্ন অপৰাধীক গুলীওৱাৰ ঘটনাও ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক সংঘটিত হৈছে নগাঁৱত । নগাঁও আৰক্ষীৰ গুলীত এটা অপৰাধী নিহত হোৱাৰ লগতে আহতও হৈছে বহুকেইটা অপৰাধী ।

অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধেও অভিযান চলাই বছৰটোত বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে । বছৰটোত নগাঁও আৰক্ষীয়ে ১০৭৮ টা গৰুৰ লগতে গৰু সৰবৰাহ কৰা ৭৮ খন বাহনো জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । এই সংক্ৰান্তত ৪৯ টা গোচৰ ৰুজু কৰি ১৭৬ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । কেৱল এয়াই নহয়, নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১৯ টাকৈ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে ডকাইতিকে ধৰি অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত ৬০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

বছৰৰ অন্তিম দিনটো জীৱনৰ শেষ দিন নকৰিবলৈ বিশেষকৈ যুৱকসকলক আহ্বান জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । বিগত সময়ত ট্ৰেফিক আইন উলংঘা কৰা বাইক চালকৰ পৰাই কোটিৰো অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

নগাঁও আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবেই সম্প্ৰতি নগাঁৱৰ ৯৫ শতাংশ বাইক চালকে হেলমেট পৰিধান কৰা বুলি দাবী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ । উল্লেখযোগ্য যে, ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চলোৱা অভিযানৰ নেতৃত্বত আছিল খোদ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই । নগাঁৱক অপৰাধমুক্ত কৰিবলৈ পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : 31 ডিচেম্বৰৰ ধামাকা : IPS আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্ট ফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.