ETV Bharat / state

পুনৰ নগাঁৱত দেখা গ’ল IPS আনন্দ মিশ্ৰক

author img

By

Published : Mar 15, 2022, 1:20 PM IST

জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ পুনৰ নগাঁৱত কিয় ? আৰক্ষী জোৱানৰ সৈতে উঠা এখন ফটোৰ পাছতেই সৰ্বত্ৰে ব্যাপক চৰ্চা । সকলোৰে মনত এটাই প্ৰশ্ন, আকৌ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিব নেকি IPS আনন্দ মিশ্ৰই (IPS Anand Mishra to join Nagaon SP again?) ?

anand mishra at nagaon
নগাঁৱত পুনৰ IPS আনন্দ মিশ্ৰ!

নগাঁও, ১৫ মাৰ্চ : পুনৰ এবাৰ নগাঁৱত দেখা গ'ল IPS বিষয়া আনন্দ মিশ্ৰক । নগাঁও আৰক্ষীৰ এটা দলৰ সৈতেও দেখা গ'ল আনন্দ মিশ্রক । আৰক্ষী জোৱানসকলৰে উঠা এখন ফটোৰ পাছতেই বৃদ্ধি পাইছে চৰ্চা (IPS Anand Mishra to join Nagaon SP again?) ।

ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱত যোগদান কৰাৰ পাছতেই নগাঁৱৰ ড্ৰাগছ মাফিয়া তথা অপৰাধীৰ মুৰৰ কামোৰমি হৈ পৰা এটা নাম আছিল IPS আনন্দ মিশ্ৰ । কেইদিনমান পূৰ্বলৈকে কেৱল নগাঁৱৰেই নহয়, সমগ্ৰ অসমতে চৰ্চিত এটা নাম আছিল IPS আনন্দ মিশ্ৰ । পিছে হঠাৎ চৰ্চাৰ পৰা নোহোৱা হোৱাৰ এটা মাহৰ অন্তত হঠাৎ নগাঁৱত উপস্থিত হয় IPS আনন্দ মিশ্ৰ ।

aanand mishra at nagaon
বদলি হৈ যোৱাৰ পিছতো নগাঁও আৰক্ষীক সৌজন্যমূলক সাক্ষাৎ কৰিলে আনন্দ মিশ্ৰই

নগাঁৱৰ আৰক্ষী (Nagaon Police) ৰ এটা দলৰ সৈতে একেলগে দেখা গ'ল আনন্দ মিশ্ৰক । আনন্দ মিশ্রৰ নগাঁৱত পদাৰ্পণক লৈ আৰম্ভ হৈছে চৰ্চা । নগাঁও আৰক্ষীৰ এটা দলৰ সৈতে ফটোও উঠিলে আনন্দ মিশ্ৰই । পিছে এইবাৰ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নহয়, নগাঁও আৰক্ষীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই বদলি হৈ যোৱাৰ পিছতো নগাঁও আৰক্ষীক সৌজন্যমূলক সাক্ষাৎ কৰিলে আনন্দ মিশ্ৰই ।

ধুবুৰীৰ পৰা বিগত বৰ্ষত বদলি হৈ নগাঁৱত যোগান কৰাৰ সময়তেই ব্যাপক চৰ্চা লাভ কৰিছিল IPS আনন্দ মিশ্ৰই । নগাঁৱতো আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰি অন্য অপৰাধীৰ লগতে বিশেষকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সংবাদ মাধ্যমৰো শিৰোনামা দখল কৰিছিল আনন্দ মিশ্ৰই । কেৱল সংবাদ শিৰোনাম দখল কৰাই নহয়, ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰায় প্ৰতিদিনেই চৰ্চাত আছিল আনন্দ মিশ্ৰ ।

কিন্তু নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ বিতৰ্কত সাঙোৰ খাই পৰিছিল IPS বিষয়া আনন্দ মিশ্ৰ । কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত জড়িত আৰক্ষী বিষয়াক সুৰক্ষা দিয়াৰ চেষ্টা চলাই বিতৰ্কত সোমাই পৰা আনন্দ মিশ্রক যোৱা ৯ ফেব্ৰুৱাৰীত অসম চৰকাৰে তৎকালীন বদলিৰ নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ ভিত্তিতেই ১০ ফেব্ৰুৱাৰীৰ পুৱাই নগাঁও এৰি গুৱাহাটী হেডকোৱাৰ্টাৰলৈ ৰাওনা হয় আনন্দ মিশ্ৰ ।

১০ ফেব্ৰুৱাৰীৰ পিছৰ পৰাই কোনো চর্চাত নাছিল আনন্দ মিশ্ৰ । এনে সময়তে সোমবাৰে নিশা হোজাইত অনুষ্ঠিত এক সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰে IPS বিষয়া মিশ্ৰই । হোজাইৰ পৰা গুৱাহাটীলৈ উভতি যোৱাৰ সময়ত নগাঁৱৰ ৰহাত নগাঁও আৰক্ষীৰ এটা দলৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰে আনন্দ মিশ্ৰই ।

উল্লেখযোগ্য যে, আনন্দ মিশ্ৰ বদলি হোৱাৰ সময়ত চৰকাৰী নিৰ্দেশ অনুসৰি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক । ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈ ধ্ৰুৱ বৰাৰ নেতৃত্বতো নগাঁও আৰক্ষীয়ে পূৰ্বৰ দৰে ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ।

লগতে পঢ়ক: HSSLC Candidate commits suicide : তেজপুৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.